দেওবাৰে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে যদি মণিপুৰৰ জনগোষ্ঠীয় সংঘাতৰ যদি শীঘ্ৰে সমাধান নহয় তেন্তে ই দেশৰ বাবে নিৰাপত্তাজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিৰোধী INDIA মিত্ৰজোঁটৰ সাংসদৰ এটা প্ৰতিনিধি দলে ৰাজভৱনত মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেক সাক্ষাৎ কৰাৰ পিছত তেওঁলোকৰ পৰ্যবেক্ষণৰ ওপৰত এখন স্মাৰক পত্ৰ দাখিল কৰে।
বৈঠকৰ অন্তত ৰাজভৱনৰ বাহিৰত সাংবাদিকক সম্বোধন কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয়, “ৰাজ্যপালগৰাকীয়ে আমাৰ পৰ্যবেক্ষণ শুনি সেই কথাত সন্মতি দিছে। হিংসাত্মক ঘটনাক লৈ দুখ প্ৰকাশ কৰি সৰ্বদলীয় প্ৰতিনিধি দলে মণিপুৰ ভ্ৰমণ কৰি মানুহৰ লগত কথা পাতি সম্প্ৰদায়সমূহৰ মাজত অবিশ্বাস আঁতৰাবলৈ পৰামৰ্শ আগবঢ়ায়।” চৌধুৰীয়ে কয় যে ভ্ৰমণকাৰী সাংসদসকলে মণিপুৰ সন্দৰ্ভত নিজৰ পৰ্যবেক্ষণ সংসদত দাঙি ধৰিব।
‘প্ৰতিদিনে পৰিস্থিতি অধিক অৱনতি ঘটাত মণিপুৰ সন্দৰ্ভত আমি সংসদত আলোচনাৰ বাবে অনুৰোধ জনাইছো।’ – তেওঁ লগত কয়।
ইম্ফলৰ ৰাজভৱনত I.N.D.I.A দলৰ বিৰোধী সাংসদসকলে মণিপুৰৰ ৰাজ্যপাল অনুসুইয়া উইকেক সাক্ষাৎ কৰাৰ ছবি পোহৰলৈ আহিছে।
শনিবাৰে মণিপুৰত উপস্থিত হয় ২১জন সাংসদৰ বিৰোধী দলটোৱে ভূমি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাজ্যত তিনিমাহ ধৰি চলি থকা জনগোষ্ঠীয় সংঘাতৰ বলি হোৱা লোকসকলক সাক্ষাৎ কৰে।
দুদিনীয়া ভ্ৰমণৰ প্ৰথম দিনাই ইম্ফল, বিষ্ণুপুৰ জিলাৰ মইৰাং আৰু চুৰাচান্দপুৰৰ কেইবাটাও সাহায্য শিবিৰ পৰিদৰ্শন কৰি জাতিগত সংঘৰ্ষৰ বলি হোৱা লোকসকলক সাক্ষাৎ কৰে।
চৌধুৰী আৰু লোকসভাৰ কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈৰ উপৰিও প্ৰতিনিধি দলটোত আছে টিএমচিৰ সুস্মিতা দেৱ, জেএমএমৰ মহুৱা মাজী, ডিএমকেৰ কণিমোঝি, আৰএলডিৰ জয়ন্ত চৌধুৰী, আৰজেডিৰ মনোজ কুমাৰ ঝা, আৰএছপিৰ এন কে প্ৰেমচন্দ্ৰন, জেডি(ইউ)ৰ ৰাজীৱ ৰঞ্জন (লালন) সিং, অনীল প্ৰসাদ হেগড়ে (জেডি-ইউ), চিপিআইৰ পি সন্দোষ কুমাৰ আৰু চিপিআই(এম)ৰ এ এ ৰহিম আদি।