ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাসৰ তৰফৰ পৰা অসম আৰোগ্য নিধি” লৈ ৫০,০০০ টকাৰ বৰঙণি

111

ষ্টাফৰিপোৰ্টাৰ, ৯ এপ্ৰিল :: ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাস (আৰোহণ)ৰ তৰফৰ পৰা বিশ্ববাসীক ত্ৰাসিত কৰা কৰ’নাৰ সংকটৰ সময়ত অসম চৰকাৰে তৎপৰতাৰে যি প্ৰশংসনীয় পদক্ষেপ লৈছে তাৰ বাবে অসম চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জনায়। এই যুঁজত এই ন্যাসৰ তৰফৰ পৰা আন্তৰিক সহযোগৰ অংশ হিচাপে “অসম আৰোগ্য নিধি” লৈ ৫০,০০০ টকাৰ এখন চেক বৃহস্পতিবাৰে ন্যাসৰক্ষী ইন্দ্ৰজিৎ দাসে অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ হাতত অৰ্পণ কৰে।