বেংকলৈ RBIৰ বিশেষ নিৰ্দেশনা: ATMত ধন নাথাকিলে ভৰিব লাগিব জৰিমনা

3090

এটিএমৰ পৰা টকা উলিয়াবলৈ গৈ এটিএম মেচিনত টকা নথকাৰ বাবেই বহুবাৰ সমস্যাৰ সন্মুখীন হবলগা হয় গ্ৰাহক। তেনে সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এতিয়া বেংক সমূহলৈ এক নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে।

বেংক সমূহলৈ এক নিৰ্দেশনা জাৰি কৰি RBI য়ে স্পষ্ট কৰি দিয়ে যে নিৰ্দিষ্ট বেংকৰ এটিএমত টকা নাথাকিলে জৰিমনা ভৰিব লাগিব বেংকে। ১০ ঘণ্টাতকৈ অধিক সময়লৈ এটিএমত ধন নভৰোৱা বেংকৰ বিৰুদ্ধে ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হব বুলি নিৰ্দেশনা জাৰি কৰিছে RBI য়ে। অহা ১ অক্টোবৰৰ পৰা এই নিৰ্দেশ কাৰ্যকৰী হব।

উল্লেখ্য যে, বেংক সমূহে শেলুৱৈৰ দৰে যতে ততে এটিএম স্থাপন কৰিলেও অধিক সংখ্যক এটিএমতে নাথাকে পৰ্যাপ্ত ধন। যাৰ ফলত টকা উলিয়াবলৈ গৈ সমস্যাত পৰে গ্ৰাহক। ইফালে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এনে নিৰ্দেশনাই গ্ৰাহকৰ সমস্যা বহু পৰিমানে হ্ৰাস কৰিব বুলি আশা কৰিব পাৰি।