ষ্টাফৰিপোৰ্টাৰ, ১৬ মে’: বিজেপি গুৱাহাটী মহানগৰ জিলাৰ প্ৰাক্তন উপসভাপতি দীনেশ শৰ্মা (৬৭) ৰ শনিবাৰে মহানগৰীৰ ভঙাগড়স্থিত নেমকেয়াৰ হাস্পতালত মৃত্যু হয়। তেওঁ দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ কেইবাখনো চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছিল ৷ বিগত কিছুদিনৰ পৰা নেমকেয়াৰ হাস্পতালত ভৰ্তি হৈ চিকিৎসা গ্ৰহন কৰে যদিও শনিবাৰে বিয়লি ৩ বাজি ৫৫ মিনিটত মৃত্যু হয় ৷ তেওঁৰ মৃত্যুৰ খবৰটো বিয়পি পৰাৰ পাছতে ৰুপনগৰস্থিত বাসগৃহত অনেক গুনমুগ্ধই উপস্থিত হৈ শ্ৰদ্ধান্জলি জ্ঞাপন কৰে ৷ তেওঁ বিজেপিৰ ৰাজ্যিক জ্যেষ্ঠ নাগৰিক কোষৰ আহ্বায়কৰ দায়িত্বত পালন কৰিছিল ৷ইয়াৰ উপৰিও শৰ্মা বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত ওত:প্ৰোতভাবে জড়িত আছিল ৷ লগতে তেওঁ অসম ৰাজ্যিক বিদুৎত পৰিষদৰ প্ৰাক্তন কৰ্মচাৰী আছিল ৷ মৃত্যুৰ সময়ত এগৰাকী পুত্ৰ, এগৰাকী কন্যা আৰু পত্নীক এৰি থৈ যায় ৷ শৰ্মাৰ মৃত্যুত বিজেপি গুৱাহাটী মহানগৰ জিলাৰ সভাপতি, তথা প্ৰাক্তন মেয়ৰ মৃগেন শৰনীয়াই দুখ প্ৰকাশ কৰে ৷ ইয়াৰ সমান্তৰালভাৱে তেওঁৰ সতীৰ্থ তথা প্ৰাক্তন জিলা সভিপতি বিচিত্ৰ নাৰায়ন কলিতাই গভীৰ দুখ প্ৰকাশ কৰি কয় “এজন নিষ্ঠাবান সতীৰ্থক হেৰুৱালো।” লগতে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷
Latest article
ভাৰতত মুকলি হ’ল ৰেডমি এ৫: এণ্ট্ৰি লেভেল স্মাৰ্টফোনৰ পট পৰিৱৰ্তক
জিয়াওমি ইণ্ডিয়াই মুকলি কৰিলে বহু প্ৰত্যাশিত ৰেডমি এ৫, এণ্ট্ৰি-লেভেল স্মাৰ্টফোন শাখাত এক নতুন মানদণ্ড স্থাপন কৰিছে। ১২০ হাৰ্জ হাই-ৰিফ্ৰেছ-ৰেট ডিচপ্লে, ৩২ মেগাপিক্সেল এআই ডুৱেল...
ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ দ্বিতীয় ছিজনৰ বাবে মুকলি হ’ল ৰাইডাৰৰ পঞ্জীয়ন
ভাৰতৰ প্ৰিমিয়াৰ ফ্ৰেঞ্চাইজি ভিত্তিক ছুপাৰক্ৰছ প্লেটফৰ্ম ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ(আইএছআৰএল)-এ অধিক বৃহত্ আৰু অধিক ৰোমাঞ্চকৰ ছিজন ২ৰ বাবে সাজু হৈছে। ২০২৫ৰ ২৪ এপ্ৰিলত ৰাইডাৰ...
আজিৰে পৰা আৰম্ভ মৰাণ জনগোষ্ঠীৰ বহাগ বিহু
আজিৰে পৰা আৰম্ভ মৰাণ জনগোষ্ঠীৰ ব'হাগ বিহু। ব'হাগ মাহৰ প্ৰথম সপ্তাহৰ প্ৰথম মঙলবাৰে উৰুকা। বুধবাৰে মৰাণসকলে পালন কৰে গৰু বিহু। বৃহস্পতিবাৰে অৰ্থাৎ কাইলৈ মৰাণ...