শনিবাৰে কৰ্ণাটকৰ বাংগালুৰু চহৰৰ আনেকাল তালুকৰ আট্টিবেলৰ এখন ফটকাৰ দোকানত অগ্নিকাণ্ড সংঘটিত হৈ ১৪ জন লোকৰ মৃত্যু হয়। এই ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই দেওবাৰে কয় যে এই তথ্যৰ ভিত্তিত এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই ঘটনাত ১২ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসাৰ সময়ত আন দুজন লোকৰ মৃত্যু হয়।
এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘তদন্তৰ অন্তত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ফটকাৰ দোকানখনত সতৰ্কতা আৰু নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে নে নাই সেয়া তদন্তত জানিব পৰা যাব। আৰক্ষীয়ে দোকানৰ মালিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। তেওঁ কয় যে মালিকৰ পুত্ৰক গ্ৰেপ্তাৰ কৰা হৈছে।
শনিবাৰে এখন ল’ৰীৰ পৰা ফটকা নমাই থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। এই ঘটনাত দোকানৰ মালিকজনো জ্বলি যায়। এই ঘটনাত মৃত্যু হোৱা অধিকাংশই তামিলনাডুৰ বাসিন্দা। মৃত্যু হোৱা লোকৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে ৫ লাখ টকা দিয়াৰ কথা ঘোষণা কৰিছে কৰ্ণাটক চৰকাৰে।