বঙাইগাঁৱত চোৰাং সৰবৰাহৰ সময়ত জব্দ ১৫টা গৰু

145

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ জামদাহাত শুকুৰবাৰে চোৰাং সৰবৰাহৰ সময়তে আৰক্ষীয়ে জব্দ কৰে ১৫টা গৰু।

আৰক্ষীয়ে গো সুৰক্ষা মহাসংঘৰ বঙাইগাঁও কমিটিৰ সহযোগত জব্দ কৰে গৰু কেইটা।

পিছত জব্দ কৰা গৰু কেইটা মাণিকপুৰৰ গেৰুকাবাৰী থানাত চমজাই দিয়ে।

ইয়াৰ পূৰ্বে অসম আৰক্ষীয়ে দেওবাৰে কাজিৰঙাৰ অন্তৰ্গত কঁহৰাত অবৈধ গৰু সৰবৰাহ কৰাৰ সন্দেহত এখন ট্ৰাক জব্দ কৰে।

প্ৰাপ্ত তথ্য অনুসৰি ট্ৰাকখনৰ ভিতৰৰ পৰা প্ৰায় ৪০টা গৰু-ম’হ উদ্ধাৰ কৰা হৈছে।