বংগৰ ৰাজনীতি! নিৰ্বাচনৰ আগত BJPত যোগ দিয়া বহু TMC নেতাৰ ঘৰলৈ উভতাৰ প্ৰস্তুতি

104

বংগ বিধানসভা নিৰ্বাচনৰ সময়ত টিএমচি এৰি বিজেপিত যোগদান কৰা কেইবাজনো এতিয়া পুনৰ টিএমচিলৈ উভতি অহাৰ যো-জা চলাইছে। অৱশ্যে তেনে নেতাসকলৰ দলত পুনৰ যোগদান সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লব মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। বিশেষকৈ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত টিএমচিৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছিল নেকি বা অপমানজনক মন্তব্য কৰিছিল নেকি সেয়া পৰীক্ষা কৰাৰ পিছতহে দলত পুনৰ চামিল কৰা হব তেওঁলোকক।

সূত্ৰঅনুসৰি, দল ত্যাগ কৰি বিজেপিত যোগদান কৰা নেতাৰ এখন তালিকা ইতিমধ্যে প্ৰস্তুত কৰিছে টিএমচিয়ে। এই তালিকাৰ শীৰ্ষত আছে নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিমুখী হোৱা ৰাজীৱ বেনাৰ্জী আৰু দ্বীপেন্দু বিশ্বাস। খবৰ অনুসৰি এই দুই নেতাই পুনৰ বিজেপি এৰি শীঘ্ৰে তৃণমূল কংগ্ৰেছত যোগদান কৰিব।

অৱশ্যে ফুটবলাৰৰ পৰা ৰাজনীতিত ভৰি থোৱা দ্বীপেন্দু বিশ্বাসে টিএমচিলৈ পুনৰাগমনৰ সন্দৰ্ভত এতিয়ালৈকে কোনো স্পষ্ট মন্তব্য কৰা নাই। আনহাতে আন কেইবাজনো বিজেপি নেতা আৰু কৰ্মীয়ে মমতা বাহিনীত যোগ দিবলৈ যোগাযোগ চলাই থকা বুলিও চৰ্চা চলিছে।