ষ্টাফৰিপোৰ্টাৰ, ১৫ এপ্ৰিল :: মহামাৰী কৰ’না ভাইৰাছ ( কভিড ১৯ ) যুঁজত গ্ৰাহকৰ পৰা আৰম্ভ কৰি জনগণক সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে ফোৰ্ড পৰিয়ালে। ফোৰ্ড ইণ্ডিয়াই লকডাউনৰ সময়ছোৱাত গ্ৰাহকৰ সুবিধাৰ্থে যি সকল নতুন গাড়ী কিনাৰ বাবে বুকিং কৰিছিল, ৱাৰেন্টি, প্ৰাইজ প্ৰৰ্টেক্সন আদি ৩০ এপ্ৰিল পৰ্যন্ত বৃদ্ধি কৰা হৈছে। তদুপৰি গ্ৰাহকৰ বাবে অন্যন্যা সা-সুবিধা সমূহ আগবঢ়াইছে ফোৰ্ড ইণ্ডিয়াই। ইয়াৰ বাবে অধিক জানিবলৈ গ্ৰাহক সকলে customail@ford.com ত ই মেইল কৰিব পাৰে অথবা @FordIndiaHelp on Twitter or via এছ এম এছ ৫৬২৬৩ ত এছ এম এছ কৰিব পাৰিব। এই সেৱা ২৪ ঘন্টাই গ্ৰাহকৰ বাবে খোলা থাকিব বুলি ফোৰ্ড ইণ্ডিয়াৰ মাৰ্কেটিং, ছেলছ আৰু চাৰ্ভিছৰ কার্যবাহী সঞ্চালক বিনয় ৰাইনাই এক বিবৃতি যোগে জনায়।
Latest article
কাইলৈ মুম্বাই ইণ্ডিয়ানছৰে মুখামুখি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ
দুৰ্বল ফৰ্মত যুঁজি থকা ছানৰাইজাৰ্ছ হায়দৰাবাদে বুধবাৰে তেওঁলোকৰ ঘৰুৱা খেলপথাৰত মুম্বাই ইণ্ডিয়ানছৰ সৈতে মুখামুখি হ'ব। য'ত হায়দৰাবাদৰ লক্ষ্য হ'ব জয়ৰ পথত উভতি অহা, আনহাতে...
দুদিনীয়া ভ্ৰমণসূচীৰে চৌদি আৰৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে চৌদি আৰৱত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৌদি আৰৱ ভ্ৰমণৰ বিষয়ে এক্সত পোষ্ট কৰি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে...
গেষ্ট্ৰাইটিছ চাৰ্জাৰীক আগুৱাই নিয়া: ৰবটিক্স আৰু এআইয়ে ৰোগীৰ যত্নক পুনৰ সংজ্ঞায়িত কৰে
প্ৰযুক্তিৰ অগ্ৰগতিৰ ফলত গেষ্ট্ৰ’ইনটেষ্টাইনেল বা পাকস্থলী(জিআই)ৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হৈছে, যাৰ ফলত ৰোগীৰ শৰীৰত প্ৰয়োগৰ ক্ষেত্ৰত ফলাফল বা আৰোগ্যতাৰ হাৰ যথেষ্ট...