প্ৰয়াত ডা০ ভূমিধৰ বৰ্মনৰ ঘৰত উপস্থিত অগপ সভাপতি অতুল বৰা, ফণীভূষণ চৌধুৰী

89

আইদুল হুছেইন, নলবাৰীঃ ‘মূল্যবৃদ্ধি ৰোধ কৰিব পৰা ক্ষমতা বৰ্তমান মন্ত্ৰী-বিধায়কৰ হাতত নাই৷ বৰ্তমান সকলো নিৰ্বাচনী আয়োগে তদাৰক কৰিব পাৰে৷’ -নলবাৰীত এই মন্তব্য যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ৷ নলবাৰীৰ বেলশৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ডা০ ভূমিধৰ বৰ্মনৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জনাই সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে৷

আনহাতে, অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাও প্ৰয়াত ডা০ বৰ্মনৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনায়৷ লগতে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰী গৰাকীয়ে কয় যে ২ মে’লৈ আৰু বেছিদিন নাই৷ গতিকে অসমৰ ৰাইজে বিজেপিৰ নেতৃত্বত এখন মিত্ৰজোঁটৰ চৰকাৰ পাব৷ অগপই অকলে কিমানখন আসন লাভ কৰিব সেয়া এতিয়াই কোৱাৰ প্ৰয়োজন নাই৷ প্ৰয়াত মুখ্যমন্ত্ৰী ডা০ বৰ্মনক চৰকাৰী স্বীকৃতি পোৱাৰ প্ৰয়োজন আছে৷ ইতিমধ্যে মুখ্যমন্ত্ৰী সোণোৱাল আৰু মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আহি গৈছে যিহেতু নিশ্চয়কৈ চিন্তা চৰ্চা কৰিব বুলিও মন্তব্য কৰে অগপৰ সভাপতি অতুল বৰাই।