প্ৰথম এন ডি আৰ এফ ৰ উদ্যোগত ১৫ দিনীয়া হিন্দী পষেকৰ সামৰণি

99


গুৱাহাটীৰ আজাৰা পাটগাওস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এন ডি আৰ এফ ৰ উদ্যোগত পহিলা ছেপ্টেম্বৰৰ পৰা ১৫ দিনীয়াকৈ বিভিন্ন কাৰ্য্যসূচীৰে আয়োজিত হিন্দী পষেকৰ আজি সামৰণি পৰে।

হিন্দী পষেকৰ লগত সংগতি ৰাখি হিন্দীত লেখা – মেলাৰ বাবে উৎসাহিত কৰাৰ লক্ষ্যৰে বিষয়া – কৰ্মচাৰী সকলৰ মাজত ৰচনা লিখা , তৰ্ক , কুইজ , হিন্দীজ্ঞানকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত আজাৰা পাটগাওৰ মুখ্য কাৰ্যালয়ৰ উপৰি কোম্পানী কাৰ্যালয় থকা চাংসাৰি , মিৰ্জা আৰু মিৰ্জা ডায়েট , আগৰতলা , আইজল আদিৰো কৰ্মৰত একাংশই ভাগ লয়।

আনহাতে পাটগাঁওত সন্ধিয়া আয়োজিত সামৰণী অনুষ্ঠানত উপস্থিত থাকি প্ৰথম এন ডি আৰ এফ ৰ কমাণ্ডেণ্ট ৰণধীৰ সিং গীলে ভাষণ প্ৰসঙ্গত হিন্দী পষেক উদযাপনৰ তাৎপৰ্য বাখ্যা কৰে । তেওঁ প্ৰতিযোগিতাত ভাগ লোৱা সকলোকে প্ৰমান পত্ৰ আৰু বিজয়ী সকলক বঁটা প্ৰদান কৰে।