নতুন দিল্লীঃ এগৰাকী জীয়াৰী সদায় পিতৃৰ মনত ৰাজকুমাৰী। কিন্তু এদিন সেই ৰাজকুমাৰী ডাঙৰ হৈ অইনলৈ বিয়া হৈ গুছি যায়। তাৰ পিছত তেওঁ হেৰুৱাই পেলাই পিতৃৰ ওপৰত অধিকাৰ। আনকি পিতৃৰ বিয়োগৰ পিছত পৈতৃক সম্পত্তিৰ ওপৰতো তেওঁ অধিকাৰ দেখুৱাব নোৱাৰে! এদিন দেউতাকৰ মনত ৰাজকুমাৰী হোৱা ছোৱালীজনীয়ে এসময়ত নিজৰ দেউতাকৰ সকলো অস্তিত্বকে পাহৰি পেলাবলগা হয়। এয়া হৈছে আমাৰ বাস্তৱ সমাজখনৰ এক নিৰ্মম চিত্ৰ।
পৈতৃক সম্পত্তিৰ ওপৰত কন্যাৰ অধিকাৰক লৈ প্ৰায়ে চৰ্চা চলি আহিছে। শেহতীয়াকৈ এনে এক গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে মঙলবাৰে কয় যে হিন্দু উত্তৰাধিকাৰ সংশোধিত আইন, ২০০৫ অনুসৰি এতিয়াৰে পৰা জীয়াৰীয়েও পৈতৃক সম্পত্তিৰ ওপৰত সমান অধিকাৰ লাভ কৰিব।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰুণ মিশ্ৰাই গোচৰৰ শুনানিত কয়, ‘এগৰাকী জীয়াৰী সদায় জীয়াৰী হৈ থাকে। দৰাচলতে পৈতৃক সম্পত্তিৰ ওপৰত জীয়াৰী সকলেও সম অধিকাৰ লাভ কৰিব লাগে। আৰু হিন্দু উত্তৰাধিকাৰ সংশোধিত আইন, ২০০৫ অনুসৰি জীয়াৰী সকলে সেই অধিকাৰ লাভ কৰিব।’
উল্লেখ্য যে, দিল্লী উচ্চ ন্যায়ালয়ে হিন্দু উত্তৰাধিকাৰ আইন, ১৯৫৬ৰ ধাৰা ৬ৰ ব্যাখ্যা সন্দৰ্ভত চিন্তা-চৰ্চা কৰিছিল আৰু ২০০৫ৰ হিন্দু উত্তৰাধিকাৰ সংশোধিত আইনৰ সংশোধনক লৈ দুই ধৰণৰ মত আগবঢ়াইছিল। তাৰ পিছতে এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠলৈ প্ৰেৰণ কৰা হৈছিল।