পেৰনড ৰিকাৰ্ড ইণ্ডিয়া ফাউণ্ডেচনে অৰুণাচল প্ৰদেশৰ চৰকাৰী চিকিৎসালয়ৰ আই চি ইউ আৰু জনস্বাস্থ্য সেৱা আন্তঃগাঁঠনি সবল কৰাৰ ক্ষেত্ৰত নিজৰ সমৰ্থন আগবঢ়ায়। যিহেতু লক ডাউনৰ সীমাবদ্ধতাৰ পাছতো কভিড-১৯ আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাই আহিছে,সেয়েহে যুদ্ধ ভিত্তিক পৰিস্থিতিত স্বাস্থ্যসেৱা বিভাগত প্ৰয়োজনীয় উৎসাহ জনোৱাৰ বাবে এইটো আৱশ্যক হৈ পৰিছে। এনে দুৰ্দশাৰ সময়ত, পেৰনড ৰিকাৰ্ড ইণ্ডিয়া ফাউণ্ডেচনে অৰুণাচল প্ৰদেশ চৰকাৰৰ আবকাৰী বিভাগৰ লগত হাত মিলাই অৰুণাচল প্ৰদেশক প্ৰতিৰোধমূলক স্বাস্থ্যজনিত সেৱা যেনে ৫ টা আই আই চি ইউ ভেন্টিলেটৰ, ১০ খন আই চি ইউ ফ্লাৱাৰ বিচনা আৰু ৫০০০ অস্ত্ৰোপচাৰ মাস্ক যোগান ধৰাৰ বাবে আগ্ৰহী। ভাৰতৰ চাৰিওফালে বিয়পি পৰা কভিড-১৯ বিৰুদ্ধে কৰা যুদ্ধখনত সকলোতকৈ আগত ৰাজ্যিক স্বাস্থ্য বিভাগ আৰু জনসেৱা আৰু পেশাদাৰীসকলক সমৰ্থন কৰাৰ বাবে পেৰনড ৰিকাৰ্ড ইণ্ডিয়া ফাউণ্ডেচন সদায় সংকল্পবদ্ধ।
অৰুনাচল প্ৰদেশৰ আপকাৰী বিভাগৰ সম্পাদক শ্ৰীযুত অনিৰুদ্ধ সিঙে কয় যে, “এই পৰীক্ষাৰ সময়ত পেৰনড ৰিকাৰ্ড ইণ্ডিয়া ফাউণ্ডেচনে ৫ টা আই চি ইউ ভেন্টিলেতৰ, ১০খন ফ্লাৱাৰ বিচনা আৰু ৫০০০ খন ২০ জিএছএম মাস্ক আমাৰ ৰাজ্যৰ বাবে প্ৰদান কৰিছে ৷” পেৰনড ৰিকাৰ্ড ইণ্ডিয়া, যৌথ বিষয়া, ভিপি শ্ৰীযুত সুনীল দুগ্গলে কয়, “এজন দায়িত্বশীল যৌথ নাগৰিক হিচাপে পেৰনড ৰিকাৰ্ড ইণ্ডিয়াই স্বাস্থ্যজনিত সেৱা প্ৰণালী আৰু ফ্ৰন্টলাইন সম্প্ৰদায়ক সমৰ্থন কৰি ভাৰতত কভিড-১৯ মহামাৰিৰ লগত যুজ দিবলৈ চলোৱা প্ৰচেষ্টাত নিজৰ অৱদান আগবঢ়াবলৈ দৃঢ়তাৰে সংকল্পবদ্ধ।”