পুনৰ গুলীচালনাৰ ঘটনা

129

পুনৰ পাকিস্তানৰ সৈন্যই শান্তি চুক্তি উলংঘা কৰি গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে । জম্মু-কাশ্মীৰৰ আখনূৰ অঞ্চলত পুৱতি নিশা সীমান্তৰ সিপাৰৰ পৰা গুলীচালনা কৰাৰ খবৰ প্ৰকাশ পাইছে । এই ঘটনাত এজন বিএছএফৰ জোৱান আহত হোৱাৰ খবৰ লাভ কৰা গৈছে । ঘটনা সংঘটিত হোৱাৰ সময়ত পাকিস্তানৰ সৈন্যক ভাৰতীয় সীমান্তৰক্ষী বাহিনীয়ে প্ৰতিশোধ লোৱা বুলিও জানিব পৰা গৈছে । এই সমগ্ৰ ঘটনাত আন কোনো লোক হতাহত হোৱাৰ খবৰ এতিয়ালৈকে লাভ কৰা নাই ।