পুনৰ উত্তপ্ত মণিপুৰ! হিংসাত্মক ঘটনাত পুনৰ ৯ জনৰ মৃত্যু

1324
Manipur, May 05 (ANI): Houses set ablaze after a clash broke out during the 'Tribal Solidarity March called by the All Tribal Student Union Manipur (ATSUM) in the Torbung area of Churachandpur to protest the demand of Meiteis, who dominate the Imphal Valley, in Manipur on Thursday. (ANI Photo)

ডিজিটেল ডেস্কঃ পুনৰ ৰক্তাক্ত মণিপুৰ। উত্তৰ-পূবৰ ৰাজ্যখনৰ খামেলোক গাঁৱত ভয়ংকৰ হিংসাৰ বলি হৈছে কমেও ৯ জন। আহত ২৫ জন। ব্যক্তিগত সূত্ৰৰ মতে ইতিমধ্যে মৃত্যু হোৱা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পাইছে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, মঙলবাৰে নিশা অস্ত্ৰধাৰী দুৰ্বৃত্তই গাঁওখনত আক্ৰমণ চলায়। অত্যাধুনিক আগ্নেয়াস্ত্ৰৰ পৰা নিৰ্বিচাৰ গুলীচালনা কৰা হৈছিল। স্বাভাৱিকতে সেই সময়ত বহু গাঁৱৰ মানুহে শুই আছিল বা ৰাতিৰ আহাৰ গ্ৰহণ কৰি আছিল। আকস্মিক আক্ৰমণত গাঁওখনত আতংকই বিৰাজ কৰে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰে বহুতেই গুৰুতৰভাৱে আহত হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

মন কৰিবলগীয়া যে কুকি-মেইটেই সংঘাতৰ বাবে এতিয়া মণিপুৰ অশান্ত আৰু হিংসাত্মক ৰূপ ধাৰণ কৰিছে। সংখ্যাগৰিষ্ঠ জনজাতি ‘মেইটেই’ক অনুসূচিত জাতি হিচাপে স্বীকৃতি দিয়াৰ দাবীক লৈ এই আন্দোলনে ক্ষুদ্ৰ ৰাজ্যখনৰ নগা-কুকী জনগোষ্ঠীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।