পুনৰ আৰম্ভ বাল্যবিবাহ বিৰোধী অভিযান, একেদিনাই গ্ৰেপ্তাৰ ২৫৪ জনক…

204

ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ অভিযান অসম আৰক্ষীৰ। গান্ধী জয়ন্তী অৰ্থাৎ ২ অক্টোবৰৰ দিনটোতে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে ২৫৪ জন লোকক।

জানিব পৰা মতে, সোমবাৰে অসম আৰক্ষীয়ে কোকৰাঝাৰ, বঙাইগাঁও আৰু ধুবুৰীৰ একাধিক স্থানত অভিযান চলাই কোকৰাঝাৰৰ গোসাঁইগাঁও, চেৰফাংগুৰি, কচুগাঁও, বগৰিবাৰীৰ পৰা মুঠ ২৪ জন লোকক গ্ৰেপ্তাৰ কৰে। আনহাতে বঙাইগাঁৱৰ পৰা ৩৯জন আৰু ধুবুৰী জিলাত ১৯১জনক গ্ৰেপ্তাৰ কৰা হৈছে।

ধুবুৰীত সৰ্বাধিক গ্ৰেপ্তাৰ কৰা হৈছে গোলকগঞ্জত ৪২, আগমনিত ৭, তামাৰহাটত ১২, গৌৰীপুৰত ৪২, বিলাসীপাৰাত ৩৬, সপতগ্ৰামত ১১ আৰু চাপৰত ৬ জনক।

উল্লেখযোগ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ৯ ছেপ্টেম্বৰত ঘোষণা কৰিছিল যে বাল্য বিবাহ নিৰ্মূল কৰাৰ স্বাৰ্থত সমগ্ৰ অসমত পুনৰ অভিযান আৰম্ভ কৰা হ’ব৷