পুত্ৰসহ ঘৰলৈ উভতিল মুকুল ৰয়; বিজেপি ত্যাগ কৰি পুনৰ সংগ ল’লে মমতাৰ

94

ঘৰৰ ল’ৰা ঘৰলৈ উভতিল! বিজেপিত প্ৰায় ৪ বছৰীয়া কাৰ্যকালৰ অন্ত পেলাই অৱশেষত আজি পুনৰ তৃণমূল কংগ্ৰেছত যোগদান দিলে এসময়ত মমতা বেনাৰ্জীৰ অতি ঘণিষ্ঠ হিচাপে পৰিচিত মুকুল ৰয়ে। তেওঁৰ লগতে আজি পুত্ৰ সুভ্ৰাংশু ৰয়েও তৃণমূল কংগ্ৰেছত যোগ দিয়ে। দুই পিতা-পুত্ৰক তৃণমূল কংগ্ৰেছলৈ আদৰে খোদ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

২০১৭ চনৰ নৱেম্বৰত আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিয়া মুকুল ৰয়ে ২০২১ৰ বিধানসভা নিৰ্বাচনত কৃষ্ণনগৰ উত্তৰ বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ হৈ জয়লাভো কৰিছিল। বিজেপিত ৰাষ্ট্ৰীয় উপ সভাপতিৰ পদৰো দায়িত্বভাৰ গ্ৰহণ কৰিছিল তেওঁ।

২০১৭ চনৰ ২৫ ছেপ্তেম্বৰত বিজেপিৰ শীৰ্ষ নেতাক গোপনে সাক্ষাৎ কৰাৰ অভিযোগত মুকুল ৰয়ক ৬ বছৰৰ বাবে তৃণমূল কংগ্ৰেছৰ পৰা বহিস্কাৰ কৰা হৈছিল। তাৰ পিছতে তেওঁ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল। কিন্তু এতিয়া পুনৰ তৃণমূল কংগ্ৰেছলৈ উভতি আহি তেওঁ কয় যে বৰ্তমান সময়ত বিজেপিত কোনো নেতাই নাথাকিব।

উল্লেখ্য যে, বিধানসভা নিৰ্বাচনৰ পিছৰ পৰাই মুকুল ৰয়ে বিজেপি ত্যাগ কৰিব বুলি চৰ্চা চলিছিল। আনহাতে তেওঁৰ পুত্ৰ সুভ্ৰাংশু ৰয়ে ছ’চিয়েল মিডিয়াত মুকলিকৈ বিজেপি সন্দৰ্ভত আক্ষেপ প্ৰকাশ কৰাৰ পিছতে পিতা-পুত্ৰৰ গেৰুৱা দলৰ প্ৰতি মোহভংগ হোৱাটো প্ৰায় স্পষ্ট হৈ পৰিছিল। ইফালে আজি দুয়োগৰাকীয়ে আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগ দিয়াত স্বাভাৱিকতে বিজেপিৰ শক্তি বহুখিনি হ্ৰাস পোৱা বুলি ৰাজনৈতিক সমালোচকসকলে মন্তব্য কৰিছে।