পাক্তিয়াসহ ১৯খন প্ৰদেশ দখলৰ পিছত এতিয়া কাবুলৰ পৰা মাত্ৰ এঘণ্টাৰ দূৰৈত তালিবান

142

আফগানিস্তানত ক্ৰমাৎ নিজৰ আধিপত্য শক্তিশালী কৰাত নামি পৰিছে সন্ত্ৰাসবাদী সংগঠন তালিবান। এই সন্ত্ৰাসবাদী সংগঠনটো এতিয়া কাবুলৰ পৰা মাত্ৰ এঘণ্টা দূৰত অৱস্থান কৰিছে। শুকুৰবাৰে ছয়খন প্ৰদেশ দখল কৰাৰ পিছত উগ্ৰপন্থীসকলে দাবী কৰে যে তেওঁলোকে শনিবাৰে ৰাতিপুৱা পাক্তিয়া প্ৰদেশৰ ৰাজধানী শৰ্নাও দখল কৰিছে।

তালিবানী গোট কাবুল বিমানবন্দৰৰ ওচৰত উপস্থিত হলে, সন্ত্ৰাসবাদী সংগঠনটোৱে ইয়াত আক্ৰমণ চলাব পাৰে বুলিও আশংকা কৰা হৈছে। দুদিন আগলৈকে, তালিবানসকলে কাবুল পাবলৈ ৯০ দিন লাগিব বুলি অনুমান কৰা হৈছিল। কিন্তু ৰাজধানী কাবুল পাবলৈ কেৱল মাত্ৰ এঘণ্টা সময়ৰ প্ৰয়োজন বুলি বাতৰিত প্ৰকাশ পোৱাৰ পিছতে বিৰাজ কৰিছে আতংকই।

উল্লেখ্য যে, পাকটিয়া হৈছে সন্ত্ৰাসবাদীৰ দ্বাৰা দখল কৰা আফগানিস্তানৰ ১৯ তম প্ৰদেশ। যোৱা ৭ দিনত, সন্ত্ৰাসবাদীয়ে ১৮ খন প্ৰদেশ দখল কৰিছে।

ইফালে, আফগান সৈন্যই তালিবানৰ সৈতে মোকাবিলা কৰাত শোচনীয়ভাৱে ব্যৰ্থ হৈছে। বহুতো প্ৰদেশত, সৈন্যসকলে যুঁজ নিদিয়াকৈ সন্ত্ৰাসবাদীৰ সন্মুখত অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰিছিল। আনহাতে, তালিবানৰ দ্ৰুত আগ্ৰাসনৰ প্ৰতি লক্ষ্য ৰাখি, আমেৰিকা চৰকাৰে কাবুলৰ পৰা নিজ দেশৰ নাগৰিকসকলক স্থানান্তৰ কৰিবলৈ এটা সামৰিক দল প্ৰেৰণ কৰিছে। প্ৰথম দলটো কাবুলত উপস্থিত হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিডেন চৰকাৰে আশংকা কৰিছিল যে কাবুলকো এমাহৰ ভিতৰত তালিবানে দখল কৰিব আৰু আফগান চৰকাৰৰ পতন ঘটিব। চৰকাৰে আফগানিস্তানত ইয়াৰ নাগৰিকসকলক স্থানান্তৰ কৰিবলৈ আফগানিস্তানলৈ ৩,০০০ সৈন্য ঘূৰাই পঠিয়াবলৈ কৈছিল। অৱশ্যে, চৰকাৰে স্পষ্ট কৰি দিছে যে এইটো কেৱল এটা অস্থায়ী অভিযান।

অন্যহাতে, তালিবানসূত্ৰই বাল্খ প্ৰদেশৰ কোডা-ই-বাৰ্ক অঞ্চলত এখন ভাৰতীয় হেলিকপ্টাৰৰ ওপৰত গুলীবৰ্ষণ কৰাৰ দাবী কৰিছে। অৱশ্যে, এয়া কিমান দূৰ সত্য, সেয়া এতিয়াও স্পষ্ট নহয়। ইফালে, আফগানিস্তানৰ পৰা এটা উচ্চ প্ৰতিনিধি দল পাকিস্তানলৈ গৈ আছে বুলিও বাতৰি পোৱা গৈছে।