পাকঘৰত মাছ, শোৱনী কোঠাত মাছ, কিন্তু ক’ত?

59

ডিজিটেল ডেস্কঃ মাছ ওলাইছে। ৰৌ-মিৰিকা-ভকুৱা আৰু বহুত মাছ। ৰ’ব… এই মাছ বজাৰত ওলোৱা নাই। পুখুৰী, নদী বা সাগৰতো নহয়। এইবাৰ মাছ ওলাইছে ঘৰৰ ভিতৰত, ৰাজপথত, শোৱনী কোঠাত। ছ’চিয়েল মিডিয়াত এতিয়া ভাইৰেল এই মাছৰ উজান।

মুষলধাৰ বৰষুণৰ পিছত তেলেংগানাত সৃষ্টি হোৱা বান পৰিস্থিতিত উজান উঠিছে মাছৰ। ৰাজধানী চহৰ হায়দৰাবাদত এতিয়া ৰাজপথত এবুকুলৈকে পানী। ঘৰৰ ভিতৰতো পানী। ইতিমধ্য চহৰখনত বানৰ কবলত পৰি মৃত্যু ঘটিছে ১০ জনৰো অধিক লোকৰ। উটি গৈছে গাড়ী-মটৰ, মানুহ।

এই ভয়াবহ বান পৰিস্থিতিৰ মাজতে এতিয়া ঘৰৰ ভিতৰে ভিতৰে উঠিছে মাছৰ উজান। ডাঙৰ-সৰু ভিন্ন মাছেৰে ভৰি পৰিছে শোৱনী কোঠা, পাকঘৰ। হায়দৰাবাদৰ ঘৰৰ ভিতৰৰ এই মাছৰ উজানৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।