পশ্চিমবংগৰ বিজেপি সাংসদৰ বাসগৃহৰ সন্মুখত বোমা বিস্ফোৰণ…

118

বুধবাৰে ৰাতিপুৱা পশ্চিম বংগৰ বিজেপি সাংসদ অৰ্জুন সিঙৰ বাসগৃহৰ বাহিৰত এটা বোমা বিস্ফোৰণ ঘটনা সংঘটিত হয়। ৰাজ্যপাল জগদীপ ধনখৰে এই তথ্য টুইট যোগে জানিবলৈ দিয়ে। টুইটাৰত ধনখৰে লিখে যে পশ্চিম বংগত হোৱা ব্যাপক হিংসা হ্ৰাস হোৱা নাই। তেওঁ আজি ৰাতিপুৱা সাংসদজনৰ বাসগৃহৰ বাহিৰত হোৱা বোমা বিস্ফোৰণ উদ্বেগৰ বিষয় আৰু ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰে। এই ক্ষেত্ৰত দ্ৰুত পদক্ষেপ গ্ৰহণ কৰা উচিত বুলিও মন্তব্য কৰে ৰাজ্যপাল গৰাকীয়ে।

বাতৰি অনুসৰি, ঘৰটোত বোমাৰে আক্ৰমণ কৰাৰ সময়ত সাংসদ তথা ৰাজ্যিক বিজেপিৰ উপ-সভাপতি অৰ্জুন সিং উপস্থিত নাছিল। অৱশ্যে, তেওঁৰ পৰিয়ালৰ সদস্যসকল সেই সময়ত ঘৰত আছিল। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰু অনুসন্ধান চলাইছে আৰু বোমা নিক্ষেপকাৰীসকলক বিচাৰি উলিয়াবলৈ ঘৰটোত স্থাপন কৰা চিচিটিভি কেমেৰাৰ ফুটেজ স্কেন কৰি আছে।

ইফালে ঘটনা সন্দৰ্ভত অৰ্জুন সিঙে প্ৰতিক্ৰিয়া ব্যক্ত কৰি এয়া উপ নিৰ্বাচনৰ পূৰ্বে তেওঁক হত্যা কৰাৰ প্ৰয়াস বুলি অভিযোগ কৰে। উল্লেখ্য যে, পূৰ্বে তৃণমূল কংগ্ৰেছৰ পৰা ৪ বাৰকৈ বিধাকৰূপে নিৰ্বাচিত হোৱা অৰ্জুন সিঙে ২০১৯ৰ লোকসভা নিৰ্বাচনত বাৰেকপুৰৰ পৰা বিজেপিৰ টিকটত সাংসদ নিৰ্বাচিত হয়। তেওঁক ২০২০ চনৰ ১ জুনত বিজেপিৰ পশ্চিম বংগ গোটৰ উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল।