পশ্চিমবংগৰ নিৰ্বাচনোত্তৰ হিংসাকাণ্ডৰ তদন্ত কৰিব CBIয়ে

149

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে সংঘটিত হিংসাত্মক কাণ্ডৰ তদন্ত চিবিআইক অৰ্পণ কৰিছে কলকাতা উচ্চ ন্যায়ালয়ে। আজি ন্যায়ালয়ে ৰায়দান কৰি ৬ সপ্তাহৰ ভিতৰত এই তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ চিবিআইক নিৰ্দেশ দিয়ে। ইফালে এই তদন্তৰ নিৰীক্ষণৰ বাবে উচ্চ ন্যায়ালয়ে এখন তিনিজনীয়া সদস্যৰ এছআইটিও গঠন কৰি দিয়ে। এই এছ আই টিয়ে তদন্তৰ প্ৰতিবেদন উচ্চ ন্যায়ালয়ত দাখিল কৰিব।

উল্লেখ্য যে পশ্চিমবংগৰ এগৰাকী নাবালিকা আৰু তেওঁৰ অভিভাৱকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ ৰায় যোৱা ৩ আগষ্টত সংৰক্ষিত ৰাখিছিল কলকাতা উচ্চ ন্যায়ালয়ে। এই আবেদনখনত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত একমাত্ৰ বিজেপিক সমৰ্থন কৰাৰ অভিযোগতে শাসকীয় তৃণমূল কংগ্ৰেছৰ সদস্যই বলাত্কাৰ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল।

ইফালে নিৰ্বাচনৰ পৰৱৰ্তী কালত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে বিজেপিয়ে তৃণমূল কংগ্ৰেছত দোষী সাব্যস্ত কৰে যদিও মমতা বাহিনীয়ে বিজেপিৰ এই অভিযোগ মনেসজা বুলি খণ্ডন কৰিছিল। কিন্তু শেহতীয়াকৈ উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায়ত মমতা বাহিনী যে বিপদত পৰিব সেয়া নিশ্চিত।