পশ্চিমবংগৰ নিৰ্বাচনী হিংসাৰ পিছত প্ৰাণৰ মমতাত অসমত আশ্ৰয় লৈছে বহু পৰিয়ালে

89

পশ্চিমবংগত নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতে সংঘটিত হিংসাত্মক ঘটনাই চৰম ৰূপ লৈছে। এনে পৰিস্থিতিত প্ৰাণৰ মমতাত ৰাজ্য এৰি পলায়ন কৰিছে বহু পৰিয়ালে। বহু পৰিয়াল পশ্চিম বংগৰ পৰা পলাই আহি বৰ্তমান অসমতো আশ্ৰয় গ্ৰহণ কৰি আছে। অসমত আশ্ৰয় লোৱা লোকসকলৰ পৰিস্থিতিৰ বুজ লবলৈ শিবিৰত উপস্থিত এজনৰ পিছত আন এজন জনপ্ৰতিনিধি ।

উল্লেখ্য যে ২৪ নং গোলকগঞ্জ বিধান সভা সমষ্ঠিৰ নৱনিৰ্বাচিত কংগ্ৰেছ দলৰ বিধায়ক আব্দুছ ছোৱাহান আলী সৰকাৰে তামাৰহাট ৰণপাগলী আৰু শ্ৰীৰামপুৰৰ শিবিৰ সমূহত পৰিদৰ্শন কৰি তাত আশ্ৰয় লৈ থকা লোক সকলৰ পৰিস্থিতিৰ বুজ লয়। লগতে নিৰ্বাচনী হিংসাৰ বলি হোৱা লোক সকলৰ বাবে অতি সোনকালে এটা আলোচনা কৰি পুনৰ নিজ গৃহত পঠিওৱাৰ বাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক আহবান জনায়।