পশ্চিমবংগত সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত

115

কোৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ মাজতে আজি পশ্চিম বংগত অনুষ্ঠিত হৈছে সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ। ৩৪টা সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা ভোটগ্ৰহণত দিনৰ ১.৩০ বজা পৰ্যন্ত ৪৬.৩৫ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে।

উল্লেখ্য যে, আজি ৩৪টা সমষ্টিত ভাগ্য নিৰ্ণয় হব ২৮৪ গৰাকী প্ৰাৰ্থীৰ। কোৰোনা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভোটাধিকাৰ সাব্যস্ত কৰাৰ সময়ত কোভিড প্ৰট’কল মানি চলাটো বাধ্যতামূলক কৰা হৈছে। আনহাতে পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অনুষ্ঠিত হব ভোটগ্ৰহণ কাৰ্যসূচী।