পশ্চিমবংগত আকৌ খহিল বিজেপিৰ ভেটি: প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ TMCত যোগদান

118

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা আছানচোলৰ বিজেপি সাংসদ বাবুল সুপ্ৰিয়ই শনিবাৰে আনুষ্ঠানিকভাৱে কলকাতাত তৃণমূল কংগ্ৰেছত (টিএমচি) যোগদান কৰে।

পশ্চিম বংগৰ নেতাজনে যোৱা ৰদবদলত প্ৰধানমন্ত্ৰী মোডীৰ মন্ত্ৰীসভাৰ পৰা বাদ পৰাৰ পিছত জুলাইত ৰাজনীতি ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল।
তেওঁক বিজেপি নেতৃত্বই লোকসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান-অনুৰোধ জনাই আহিছিল যদিও গায়কৰ পৰা ৰাজনীতিবিদ হোৱা সুপ্ৰিয় অটল আছিল নিজৰ সিদ্ধান্তত।

যাৰ পিছত আজি সুপ্ৰিয়ই টিএমচি নেতা অভিষেক বেনাৰ্জী আৰু ডেৰেক অ’ ব্ৰাইনৰ উপস্থিতিত মমতা বেনাৰ্জীৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। সুপ্ৰিয়ৰ টিএমচি আগমনে পশ্চিমবংগত বিজেপিৰ ভেটি দুৰ্বল কৰাৰ বিপৰীতে মমতা বাহিনীক অধিক শক্তিশালী কৰি তোলাটো নিশ্চিত।