পশ্চিমবংগ কংগ্ৰেছত সংঘাতঃ প্ৰদেশ সভাপতিৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি সাধাৰণ সম্পাদক পদ এৰিলে ৰোহন মিত্ৰই

112

ডিজিটেল ডেস্কঃ পশ্চিমবংগ প্ৰদেশ কংগ্ৰেছত দেখা দিছে ভিতৰুৱা সংঘাত। প্ৰদেশ কংগ্ৰেছৰ সভাপতি অধীৰ ৰঞ্জন চৌধুৰীৰ বিৰুদ্ধে অভিযোগ তুলি এইবাৰ সাধাৰণ সম্পাদকৰ দায়িত্বৰ পৰা পদত্যাগ কৰিলে জ্যেষ্ঠ কংগ্ৰেছী নেতা সোমেন মিত্ৰৰ পুত্ৰ ৰোহন মিত্ৰই।

অধীৰ ৰঞ্জন চৌধুৰীৰ নেতৃত্বত তীব্ৰ ক্ষোভ ব্যক্ত কৰি লিখা পদত্যাগ পত্ৰত ৰোহন মিত্ৰই লিখিছে যে অধীৰ ৰঞ্জন চৌধুৰীৰ নেতৃত্বত তেওঁ কাম কৰিবলৈ মুঠেও আগ্ৰহী নহয়। অৱশ্যে সোমেন মিত্ৰৰ পিছত অধীৰ ৰঞ্জন চৌধুৰীয়ে প্ৰদেশ কংগ্ৰেছৰ গুৰিধৰোতা বুলিও মন্তব্য কৰে ৰোহন মিত্ৰই।

ৰোহন মিত্ৰই অধীৰ ৰঞ্জনলৈ লিখা পত্ৰত লিখিছে- ‘মই পূৰ্বৰে পৰাই জানিছিলো যে মোৰ প্ৰতি আপোনাৰ ভাল মনোভাৱ নাই। সেয়ে আপোনাৰ নেতৃত্বত মই আৰু কাম কৰিব নোৱাৰো।’

ইফালে সাধাৰণ সম্পাদকৰ দায়িত্ব ত্যাগ কৰিলেও কংগ্ৰেছৰ হৈ সদায় কাম কৰি যাব বুলিও মন্তব্য কৰে ৰোহন মিত্ৰই। ৰোহন মিত্ৰৰ পদত্যাগক লৈ অধীৰ ৰঞ্জন চৌধুৰীয়ে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই যদিও পশ্চিমবংগ কংগ্ৰেছৰ ভিতৰচ’ৰাত ঘটা এনে সংঘাতে ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা লাভ কৰিছে।