পশ্চিমবংগ উপ-নিৰ্বাচন: ভৱানীপুৰত আগবাঢ়ি আছে মমতা বেনাৰ্জী, TMCৰ বিজয় উৎসৱ

106

আজি ঘোষণা হব পশ্চিমবংগ বিধানসভাৰ উপ নিৰ্বাচনৰ ফলাফল। ভোটগণনা পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। উল্লেখ্য যে, মুখ্যমন্ত্ৰী তোহা তৃণমূল কংগ্ৰেছৰ অধ্যক্ষ মমতা বেনাৰ্জীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ভবানীপুৰ সমষ্টিত ২১ ৰাউণ্ডত ভোট গণনা সম্পন্ন হব। তৃতীয় ৰাউণ্ডৰ ভোট গণনাৰ অন্তত বিজেপি প্ৰাৰ্থী প্ৰিয়ংকা তিব্ৰেৱালতকৈ ২৫ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে মমতা বেনাৰ্জী। ইতিমধ্যে সমষ্টিটোত বিজয় উৎসৱ পালন কৰিছে TMC কৰ্মীসকলে।

প্ৰণিধানযোগ্য যে, পূৰ্বে দুবাৰকৈ মমতা বেনাৰ্জীয়ে ভৱানীপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। কিন্তু বিগত বিধানসভা নিৰ্বাচনত তেওঁ ভৱানীপুৰ এৰি নন্দিগ্ৰাম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় আৰু একালৰ সতীৰ্থ তথা বৰ্তমানৰ বিজেপি নেতা শুভেন্দু অধিকাৰীৰ হাতত প্ৰায় ২০০০ ভোটৰ ব্যৱধানত পৰাজিত হয়। উপ নিৰ্বাচনত মমতা বেনাৰ্জী ভৱানীপুৰ সমষ্টিৰ পৰা জয়লাভ কৰাটো তেওঁৰ মুখ্যমন্ত্ৰী পদৰ বাবে অতি জৰুৰী।

আনহাতে বৰ্তমানলৈকে প্ৰকাশ পোৱা ফলাফল অনুসৰি জংগীপুৰ আৰু সমচেৰগঞ্জ সমষ্টিতো আগবাঢ়ি আছে TMC প্ৰাৰ্থী।

আনহাতে প্ৰিয়ংকা টিব্ৰুৱেলে কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখি ফলাফল ঘোষণা কৰাৰ পিছত নিৰ্বাচনোত্তৰ সাম্ভাব্য হিংসাৰ সন্দৰ্ভত প্ৰতিৰোধমূলক ব্যৱস্থা বিচাৰিছে। পত্ৰখনত প্ৰিয়ংকা টিব্ৰুৱেলে উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত যিকোনো ধৰণৰ হিংসা প্ৰতিহত কৰিবলৈ সকলো ধৰণৰ সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কলকাতা আৰক্ষীক কঠোৰ নিৰ্দেশ বিচাৰিছে।

মে’ মাহত ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত পশ্চিম বংগত সংঘটিত হিংসাত্মক ঘটনাৰ সন্দৰ্ভত প্ৰিয়ংকা টিব্ৰুৱালে কয়, “ভয়ংকৰ পৰিস্থিতিৰ সন্দৰ্ভত মই এই উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে আপোনাক নম্ৰতাৰে অনুৰোধ জনাইছো যে আপোনাক সকলো চৰকাৰী প্ৰৱৰ্তন কাৰী বিভাগক চৰম সাৱধানতামূলক ব্যৱস্থা ল’বলৈ কঠোৰ নিৰ্দেশ দিয়ক যাতে কোনো নিৰ্দোষ জীৱন হেৰুৱাব নোৱাৰে, কোনো যৌন অপৰাধ সংঘটিত নহয়, কোনো জনসাধাৰণ গৃহহীন নহয়, অগ্নিসংযোগৰ কোনো ঘটনা নথিভুক্ত কৰা নহয় আৰু আমি শান্তিপূৰ্ণ পৰিৱেশত বাস কৰোঁ।”