পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী…

176

বুধবাৰে এক পথ দুৰ্ঘটনাত আহত হয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বৰ্ধমানত প্ৰশাসনিক বিষয়াৰ সৈতে বৈঠকত মিলিত হৈ উভতি অহাৰ পথতে দুৰ্ঘ্টনাত পতিত হয় মুখ্যমন্ত্ৰীগৰাকী। এই সময়ছোৱাতে গাড়ীৰ হঠাৎ ব্ৰেকিঙৰ ফলত কপালত আঘাত পায় তেওঁ। তেওঁক চিকিৎসাৰ বাবে এছ এছ কে এম হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আঘাত কিমান গুৰুতৰ সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

বুধবাৰে প্ৰশাসনিক বিষয়াৰ বৈঠক অনুষ্ঠিত কৰিবলৈ মমতা বেনাৰ্জীয়ে বৰ্ধমানত উপস্থিত হৈছিল, আনহাতে ইয়াৰ পৰা উভতি আহি তেওঁৰ কনভয় তীব্ৰ বেগত গৈ আছিল। কোৱা হৈছে যে এই সময়ছোৱাত পথটো ওখ হোৱাৰ বাবে চালকজনে দ্ৰুতগতিত ব্ৰেক লগায়, যাৰ ফলত এক দুৰ্ঘটনা সংঘটিত হয় আৰু মমতা বেনাৰ্জীয়ে মূৰত আঘাত পায়।

দুৰ্ঘটনাটোৰ সন্দৰ্ভত এতিয়ালৈকে পোৱা তথ্য অনুসৰি বৰ্ধমানত অনুষ্ঠিত হোৱা বৈঠকৰ পূৰ্বে মমতা বেনাৰ্জীয়ে ৰাজহুৱা কাৰ্যসূচীতো অংশ লৈছিল। ইয়াৰ পৰা মমতা বেনাৰ্জীয়ে হেলিকপ্টাৰেৰে ৰাজধানী কলকাতালৈ উভতি যাবলগীয়া আছিল যদিও বতৰ বেয়াৰ বাবে কেৱল পথেৰে ৰাজধানীলৈ যোৱাৰ সিদ্ধান্ত লয়। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত তেওঁৰ বহৰখন দ্ৰুতগতিত কলকাতাৰ দিশে আগবাঢ়িছিল।