নৱজোত সিং সিদ্ধুক “পঞ্জাৱৰ ৰাখী সাৱন্ত” আখ্যা AAP নেতাৰ…

123

পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বী তথা জ্যেষ্ঠ ৰাজনৈতিক নেতা নৱজোত সিং সিদ্ধুক ৰাখী সাৱন্তৰ সৈতে তুলনা কৰি আপ নেতা ৰাঘৱ চাড্ডাই টুইট কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজনৈতিক মহলত। ৰাঘৱ চাড্ডাই কংগ্ৰেছ নেতাগৰাকীক সমালোচনা কৰি পঞ্জাৱৰ ৰাখী সাৱন্ত বুলি অভিহিত কৰে।

দৰাচলতে, সিদ্ধুৱে শেহতীয়াকৈ কৃষকসকলৰ অধিকাৰ আৰু তেওঁলোকৰ প্ৰতি বঞ্চনাৰ বিষয়টো উত্থাপন কৰি আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কঠোৰ ভাষাত আক্ৰমণ কৰা দেখা গৈছিল। সিদ্ধুৱে টুইটাৰত এটা ভিডিঅ’ বাৰ্তাত কৃষকসকলে সন্মুখীন হোৱা সমস্যাৰ বাবে অৰবিন্দ কেজৰিৱালক জগৰীয়া কৰি লিখিছিল, “কেজৰিৱালে মুখা পিন্ধি আছিল যেতিয়া কেন্দ্ৰই কৃষক বিৰোধী আইন গৃহীত কৰিছিল।”

তাৰ পিছতে ৰাঘৱ চাড্ডাই সিদ্ধুক প্ৰত্যাক্ৰমন কৰি কয়, যি নিজে মূৰৰ পৰা ভৰিলৈ বিতৰ্কত জড়িত, তেওঁ কিয় অৰবিন্দ কেজৰিৱালক লক্ষ্য কৰি লৈছে? ৰাঘৱৰ ভাষাত, ‘পঞ্জাৱৰ ৰাজনীতিৰ ৰাখী সাৱন্ত নৱজ্যোত সিং সিদ্ধুক কংগ্ৰেছ হাইকমাণ্ডে অধিনায়ক অমৰিন্দৰ সিঙক বাৰে বাৰে আক্ৰমণ কৰাৰ বাবে গালি পাৰিছে! আৰু সেয়েহে তেওঁ হঠাতে নিজৰ স্থিতি সলনি কৰি অৰবিন্দ কেজৰিৱালক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

ইফালে ৰাঘৱ চাড্ডাৰ বিতৰ্কিত মন্তব্যৰ পিছতে পুনৰ এটা টুইট কৰে সিদ্ধুৱে। তেওঁ লিখিছে, “কোৱা হয় যে মানুহ বনপুৰুষ আৰু বান্দৰৰ পৰা বিকশিত হৈছে। আপোনাৰ মনটো এনেকুৱা লাগিছে যেন আপোনাৰ বিৱৰ্তন এতিয়াও চলি আছে। কৃষক আইনৰ ওপৰত আপোনাৰ চৰকাৰৰ পৰা এতিয়াও কোনো সুদুত্তৰ অহা নাই। যিয়ে নেটিজেনসকলৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।”