নেচ’নেল পেনচাক চিলাট গেমছত সুযোগ লাভ কৰিলে সৰুপথাৰৰ পাঁচ গৰাকী কণমানী যুৱতীয়ে। ধনশিৰিবাসীৰ বাবে ই এক সু-খবৰ। আগন্তুক ২৬ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ জন্মু-কাশ্মীৰত অনুষ্ঠিত হ’বলগীয়া নেচনেল পেনচাক চিলাট গেমছত সৰুপথাৰ অঞ্চলৰ পৰা একে সময়তে পাঁচ গৰাকীকৈ শিশু খেলুৱৈয়ে খেলিবলৈ সুযোগ লাভ কৰিছে। তেওঁলোক হৈছে অনন্যা শইকীয়া, স্নেহা শইকীয়া, সঞ্চিতা শইকীয়া, নিস্তাৰিণী শইকীয়া আৰু হিৰস্ময়ী শইকীয়া। ইতিমধ্যে তেওঁলোকে স্থানীয় প্ৰশিক্ষক গগন চন্দ্ৰ বড়োৰ অধীনত কঠোৰ অনুশীলন অব্যাহত ৰাখিছে। সৰুপথাৰৰ নিচিনা পিছপৰা ঠাইত উপযুক্ত সা-সুবিধাৰ পৰা বঞ্চিত হৈও এনেদৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত খেলিবলৈ সুযোগ লাভ কৰাত উৎফুল্লিত হৈ পৰিছে তেওঁলোকৰ অভিভাৱকসকলৰ লগতে খেলুৱৈ সমাজ। প্ৰবল আত্মবিশ্বাসী প্ৰশিক্ষক গগন চন্দ্ৰ বড়োৱে জনোৱা মতে, এই খেলখনত তেওঁলোকে পদক বুটলিবলৈ নিশ্চিন্ত মনে সক্ষম হ’ব। খেলুৱৈ কেইগৰাকী অহা ২২ ফেব্ৰুৱাৰীত গুৱাহাটীৰ পৰা জন্মু-কাশ্মীৰলৈ ৰাওনা হ’ব।
Latest article
ইণ্ডিয়া মোবাইল কংগ্ৰেছ ২০২৪ত ভি-এ আগবঢ়াইছে অভিনৱ সমাধান
ইণ্ডিয়া মোবাইল কংগ্ৰেছ(ভাৰত মোবাইল সন্মিলন) ২০২৪ৰ উদ্বোধনী দিনটোত দেশৰ আগশাৰীৰ টেলিকম প্ৰতিষ্ঠান ভি-এ নিজৰ থিম "ফিউচাৰ ইজ লাইভ" উন্মোচন কৰে, য'ত ৫জি আৰু আইঅ'টিৰ...
খালিস্তানী নেতা গুৰপটৱন্ত সিংৰ হত্যাক লৈ ক্ষুব্ধ আমেৰিকা
খালিস্তানী নেতা গুৰপটৱন্ত সিং পান্নুনৰ হত্যাৰ ষড়যন্ত্ৰক লৈ ক্ষুব্ধ আমেৰিকা। RAWৰ এজেণ্ট বিকাশ যাদৱক ম’ষ্ট ৱাণ্টেড ঘোষণা আমেৰিকাৰ। আমেৰিকান চোৰাংচোৱা সংস্থা FBIৰ জাননী জাৰি।...
“ছলমান খানে ক’লা হৰিণ হত্যা কৰা নাই”
'ছলমান খানে ক’লা হৰিণ হত্যা কৰা নাই। আমি পঁইতাচোৰাও মৰা নাই। ছলমান খানে লৰেন্স বিষ্ণয়ৰ ওচৰত ক্ষমা বিচৰাৰ কোনো কাৰণ নাই।' উল্লেখযোগ্য যে, পুনৰ...