নিজৰ সপোন পূৰণৰ বাবে স্বামীক জোৰ কৰি আৰ্থিক সামৰ্থ্যৰ বাহিৰলৈ যাবলৈ বাধ্য কৰাটো আচলতে এক মানসিক নিৰ্যাতন। এহাল দম্পতীৰ বিবাহ বিচ্ছেদৰ গোচৰৰ শুনানিৰ সময়ত এই মন্তব্য কৰে দিল্লী উচ্চ ন্যায়ালয়ে।
আদালতে কয় যে স্বামীৰ আৰ্থিক সামৰ্থ্যক গুৰুত্ব নিদিয়াকৈ অহৰহ মূল্যৱান বস্তু বিচৰা আৰু আৰ্থিক সামৰ্থ্যৰ কথা সোঁৱৰাই দিয়াটোৱে ঘৰখনত অস্থিৰতাৰ সৃষ্টি কৰে। ইয়াৰ ফলত স্বামীৰ মানসিক চাপ বাঢ়ে। কোনো বিবাহত এইটো কেতিয়াও বাঞ্ছনীয় নহয়। ন্যায়াধীশ সুৰেশ কুমাৰ কাইট আৰু ন্যায়াধীশ নীনা বংশাল কৃষ্ণৰ নেতৃত্বত গঠিত বিভাগীয় বিচাৰপীঠে পত্নীৰ স্বামীৰ প্ৰতি কৰা নিষ্ঠুৰতাৰ উদাহৰণ দি দম্পতীহালৰ বিবাহ বিচ্ছেদক সমৰ্থন কৰে।
ইয়াৰ পূৰ্বে নিম্ন আদালতে দম্পতীহালক বিবাহ বিচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছিল। এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল মহিলাগৰাকীয়ে। উচ্চ ন্যায়ালয়ৰ শুনানিত নিম্ন আদালতৰ ৰায়ক সমৰ্থন কৰে। আদালতৰ মতে প্ৰয়োজন আৰু চাহিদাৰ মাজত ভাৰসাম্যতা থাকিব লাগে। ইয়াৰ বাহিৰেও যদি পত্নীয়ে স্বামীক জোৰ কৰে আৰু তেওঁৰ আৰ্থিক সামৰ্থ্যৰ কথা সোঁৱৰাই থাকে, তেন্তে পৰিয়াল হৈ থকাৰ কোনো পৰিস্থিতি নাই। মহিলাগৰাকীৰ মানসিকতা অপৰিপক্ক বুলিও দাবী কৰে আদালতে। আদালতে পৰ্যবেক্ষণ কৰে যে যুৱকজনৰ পৰা কেইবাটাও ঘটনা শুনি তেওঁলোকে অনুভৱ কৰিলে যে পত্নীগৰাকী সহযোগী মানসিকতাৰ নহয়। তেওঁ সদায় স্বামীৰ ওপৰত নিজৰ ইচ্ছা জাপি দি আহিছিল।