নলবাৰীত পাগলাদিয়াৰ পাৰত সাংবাদিক সমাজৰ প্ৰীতিভৰা এসাজ আৰু অন্তৰংগ অনুষ্ঠান

100

মহামাৰী কোৰোনাৰ আতংকৰ মাজতে ২০২০ বৰ্ষটো শেষ হ’বৰ হ’ল। কিন্তু বছৰৰ শেষ সময়ত দুখেৰে যেন কোনেও ২০২০ক বিদায় দিব বিচৰা নাই। সেয়ে এতিয়া ঠায়ে ঠায়ে চলিছে বনভোজৰ আয়োজন। বছৰৰ এই অন্তিম ক্ষণত নলবাৰী জিলাৰ সাংবাদিক সমাজেও দেওবাৰে চেংনৈৰ পাগলাদিয়া পাৰৰ কঁহুৱা ৰিজ’ৰ্টত আয়োজন কৰিলে প্ৰীতিভৰা এসাজৰ লগতে এক অন্তৰংগ আলাপৰ অনুষ্ঠান।

পাগলাদিয়া নৈৰ পাৰৰ বালিচৰত সাংবাদিক সমাজ একত্ৰিত হৈ লগে ভাগে এসাজ খোৱাৰ লগতে অন্তৰংগ আলাপেৰে পৰিৱেশ জীপাল কৰি তোলে। পাগলাদিয়াৰ বালিচৰত উপস্থিত থকা প্ৰতিগৰাকী সাংবাদিকক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ পিছতে অন্তৰংগ আলাপ অনুষ্ঠানৰ আঁত ধৰে নলবাৰী জিলা সাংবাদিক সন্থাৰ সম্পাদক বসন্ত দায়ে। অনুষ্ঠানটোৰ পৰিচালনা কৰে জ্যেষ্ঠ সাংবাদিক কমলেশ শৰ্মা আৰু ফাইজুৰ ৰহমানে। সাংবাদিক সমাজৰ এই অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক অশোক শৰ্মা, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মন, ডাঃ অৰুণ বৰ্মন, ডাঃ প্ৰনব শৰ্মা, ডাঃ ৰাজুমণি শৰ্মা, আছুৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি।