নন্দীগ্ৰামত মমতা বেনাৰ্জীৰ ২৭০০ ভোটত অগ্ৰগতি

116

নন্দীগ্ৰাম বিধানসভা সমষ্টিত আগবাঢ়িছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। প্ৰায় ২৭০০ ভোটৰ ব্যৱধানত আগবাঢ়িছে মমতা। পঞ্চম ৰাউণ্ডৰ ভোটগনণাৰ অন্তলৈকে প্ৰায় ৪০০০ হাজাৰ ভোটত পিছ পৰি ৰৈছিল মমতা। বিজেপিৰ প্ৰাৰ্থী সুভেন্দু অধিকাৰীক পিছ পেলাই এতিয়া আগবঢ়া দেখা গৈছে মমতা বেনাৰ্জীক। প্ৰায় ২৭০০ ভোটত আগবাঢ়ি আছে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী।

পশ্চিম বংগত ২৯২ খন আসনৰ ভিতৰত ২০৫ খনতে বৰ্তমান আগবাঢ়ি আছে তৃণমূল কংগ্ৰেছ। মাত্ৰ ৮৪ খন আসনত আগবাঢ়ি আছে বিজেপি। পশ্চিমবংগত পুনৰ এবাৰ তৃণমূল কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। ইতিমধ্যে আৱতৰীয়া হোলীৰে বিজয় উৎসৱ উদযাপনৰ আৰম্ভ কৰিছে তৃণমূল কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে।

উল্লেখ্য যে, পশ্চিম বংগত বিশেষকৈ নন্দীগ্ৰাম বিধানসভা সমষ্টিক লৈ যথেষ্ট আশাবাদী আছিল বিজেপি। খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েই ৩খনকৈ নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰি মমতা বেনাৰ্জীক পৰাজিত কৰিবলৈ উঠিপৰি লাগিছিল। পশ্চিম বংগৰ নিৰ্বাচনক এক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰা দেখা গৈছিল বিজেপিয়ে। কিন্তু এই মুহূৰ্তত পুনৰ তৃণমূল কংগ্ৰেছৰ চৰকাৰ হোৱাৰে সম্ভাৱনা দেখা গৈছে। অৱশ্যে ২০১৬ৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে বিজেপিৰ আসন।