নতুনকৈ মুকলি কৰা ভেছপা ফেচলিফ্ট আৰু নতুন এপ্রিলিয়া ষ্টৰ্ম মডেলটো এতিয়া ভাৰতৰ যিকোনো ভেছপা আৰু এপ্রিলিয়া ডিলাৰশ্বিপত উপলব্ধ

124

পিয়াজঅ’ ইণ্ডিয়াই আজি বজাৰত মুকলি কৰিছে দুটা নতুন অফাৰ। এই সমূহ হৈছে আইকনিক ভেছপা ভি এক্স এল, এছ এক্স এল ফেচলিফ্ট ২০২০ ৰেঞ্জ আৰু ডিস্ক ব্ৰেকৰ সৈতে স্পৰ্টি নতুন এপ্ৰিলিয়া ষ্টৰ্ম আৰু ডিজিটেল ক্লাষ্টাৰ। ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে উচ্চ মানদণ্ডৰ বৈশিষ্টৰে গ্ৰাহকসকলক চলাই চোৱাৰ সুবিধা প্ৰদান কৰা। বছৰটোৰ আৰম্ভনিতে গ্ৰেটাৰ নইডাৰ অট’ এস্কপ’ ২০২০ ত কোম্পানীটোৱে এই নতুন অফাৰসমূহ মুকলি কৰিছে। সম্প্ৰতি ১২৫ চিচি আৰু ১৫০ চিচি, বিএছ ৬ ইঞ্জিন সহ ভেছপা ভি এক্স এল, এছ এক্স এল ফেচলিফ্ট ২০২০ মডেলৰ প্ৰাৰম্ভিক বুকিং আৰম্ভ হৈছে। গ্ৰাহকসকলে যোগাযোগবিহীন অভিজ্ঞতাৰে ভেছপাৰ ই-কমাৰ্চ মঞ্চত https://shop.vespaindia.com/ আৰু এপ্ৰিলিয়াৰ ই-কমাৰ্চ মঞ্চত https://shop.apriliaindia.com/ নতুন এপ্ৰিলিয়া ষ্টৰ্ম স্কুটাৰ অনলাইন যোগে সজাই থোৱা মডেলসমূহৰ ভিতৰত নিজৰ পছন্দৰ নতুন ভেছপা বুকিং কৰিব পাৰিব । আপোনালোকে ই-কমাৰ্চ মঞ্চত অনলাইন যোগে অথবা ওচৰৰ ভেছপা আৰু এপ্ৰিলিয়া ডিলাৰশ্বিপৰ ওচৰত গৈ ১০০০ টকা ব্যয়ৰে নতুন ভেছপা বা এপ্ৰিলিয়া বুকিং কৰি ২০০০ টকা লাভৰ সুবিধা উপভোগ কৰিব পাৰিব। ২০২০ ভেছপা ফেচলিফ্ট আৰু নতুন এপ্ৰিলিয়া ষ্টৰ্ম মডেল ভাৰতৰ ভেছপা আৰু এপ্ৰিলিয়া ডিলাৰশ্বিপ সমূহত উপলব্ধ ।
ভেছপা ভি এক্স এল, এছ এক্স এল ৰেঞ্জে উন্নত কী ডিফাৰেনচিয়েচনৰ সুবিধা প্ৰদান কৰে যেনে প্রযুক্তিগত ম’ন’ক’কিউ সম্পূৰ্ণ ষ্টিল বডি, ৩ টা বডি ৰঙ বিশিষ্ট, টুইন পট কেলিপাৰ ডিস্ক ব্রেকৰ সৈতে এণ্টি-লক ব্রেকিং ব্যৱস্থা বা সংযুক্ত ব্রেকিং ব্যৱস্থা। নতুন ৰেঞ্জৰ বিএছ ৬ য়ে ক্লিন ইমিচন, ৩ ভালভ প্রযুক্তি ফিউল ইঞ্জেক্সচন ইঞ্জিনৰ দ্বাৰা আকৰ্ষনীয় সেৱা আগবঢ়াই। কাৰ্যক্ষম আৰু দক্ষতাৰ ওপৰত লক্ষ্য ৰাখি নতুন লাইফষ্টাইলৰ স্কুটাৰ পেটেল ডিজাইন এল হুইলছৰ সৈতে চালকৰ আৰামৰ বাবে বহল টায়াৰযুক্ত। তদুপৰি পৃথকীকৰণ বৃদ্ধিৰ বাবে, নতুন ২০২০ ভেছপা ভি এক্স এল ফেচলিফ্ট আৰু এছ এক্স এল ৰেঞ্জত ক্ৰিষ্টেল ইলুমিনেছন এলইডি হেডলাইট, চেণ্টাৰ ইনটিগ্ৰেটেড ডে টাইম এস্কট্ৰা ব্ৰাইট বিম লাইট, ইউএছবি মোবাইল চার্জিং পর্ট আৰু বোট লাইট সুবিধা সংযুক্ত কৰা হৈছে। অন্যহাতে, নতুন

এপ্রিলিয়া ষ্টর্ম ১২৫ চিচি ডিস্ক ব্রেক আৰু ডিজিটেল ক্লাষ্টাৰ মডেল ২২০ মিলিমিটাৰ টুইন পট কেলিপাৰ ফ্ৰণ্ট ডিস্ক ব্রেক আৰু ডিজিটাল ক্লাষ্টাৰ উন্নতকৰণৰ বাবে এপ্রিলিয়া ষ্টৰ্ম অভিজ্ঞতাৰ নতুনভাবে সংজ্ঞায়িত কৰিছে আৰু ইয়াৰ আকর্ষণীয় ৰাইডিং অভিজ্ঞতাক প্ৰশংসা কৰিছে। এই বিশেষ স্কুটাৰখনত ৩ ভালভ প্রযুক্তিৰ বিএছ ৬ৰ সৈতে সামঞ্জস্যপূর্ণ

ফিউল ইঞ্জেক্সচন ইঞ্জিন আৰু ১২ ইঞ্চি ব্লেক এলয় হুইলচ ৱাইড ক্ৰছ পেটাৰ্ণ টায়াৰৰ জৰিয়তে উচ্চ কাৰ্যদক্ষতা সম্পন্ন কৰি এপ্রিলিয়াৰ ৰেছিঙৰ শক্তি আনে।
পিয়াজিঅ’ৰ চেয়াৰমেন তথা এম ডি ডিওগো গ্রাফিয়ে ভেছপা ভি এক্স এল, এছ এক্স এল ফেচলিফ্ট আৰু নতুন এপ্ৰিলিয়া ষ্টৰ্ম মডেলৰ ওপৰত কয় যে “আমি আমাৰ নতুম আইকনিক ব্রেণ্ড ভেছপা আৰু এপ্রিলিয়া মুকলি কৰি আনন্দিত। বিশেষ গুণবিশিষ্ট ইটালীৰ ব্রেণ্ড হিচাপে গ্রাহকৰ অভিজ্ঞতা নিৰ্ধাৰণৰ ক্ষেত্ৰত আমি সদায় প্রতিশ্রুতিবদ্ধ।”
নতুন ৰেঞ্জৰ ২০২০ ভেছপা ফেচলিফ্ট আৰু নতুন এপ্ৰিলিয়া ষ্টৰ্ম মডেল ভাৰতৰ ভেছপা আৰু এপ্ৰিলিয়া ডিলাৰশ্বিপ সমূহত উপলব্ধ।

এপ্ৰলিয়াৰ সবিশেষ: প্ৰতিযোগিতাৰ মাজতেই এপ্ৰলিয়া আবিষ্কাৰ কৰা হৈছিল আৰু ই পিয়াজিঅ’ গ্ৰুপৰ বাবে প্ৰকৃত স্পৰ্টি ফ্লেগছিপ ব্ৰেণ্ড । ৰ’ড ৰেছিং ৱৰ্ল্ড ছেমপিয়নশ্বিপত ২৯৪ গ্ৰেণ্ড প্ৰিক্স ৰেছ জিকি, এপ্ৰিলিয়াই মটৰচাইকেল প্ৰতিযোগিতাত ইউৰোপিঅ নিৰ্মাণকৰ্তা হিচাপে সৰ্বাধিক বিজয় লাভ কৰি ইতিহাস গঢ়িছে। উল্লেখ্য যে ৰ’ড ৰেছিং ৱৰ্ল্ড ছেমপিয়নশ্বিপত ৩৮ টা, চুপাৰ বাইকত ৭ টা আৰু অফ ৰ’ড শাখাত ৯ টাকৈ শিৰোনাম দখল কৰি মুঠ ৫৪ বাৰ শিৰোনাম দখল কৰিছে।

মহাৰাষ্ট্রৰ বাৰামতিত কোম্পানিৰ এটা ষ্টেট-অফ-ডা-আৰ্ট প্লান্ট আছে যত আইকনিক ভেছপা, এপ্রিলিয়া এছআৰ ৰেঞ্জ আৰু শেষতিয়াকৈ ভেছপা আৰু এপ্রিলিয়া ৰেঞ্জক বিএছ ৬ লৈ উন্নত কৰি নিৰ্মাণ কৰিছে।