ঋতু পৰ্ণ শৰ্মা, নগাঁও: ২৬অক্টোবৰ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ প্ৰাক্তন সঞ্চালক, পুৰাতত্ত্ববিদ, লেখক, অধ্যাপক ড° ৰবীন দেৱ চৌধুৰী মৃত্যুত নগাঁও জিলাৰ পুৰণিগুদামৰ কলং কলা কেন্দ্ৰ প্ৰাঙ্গণত মংগলবাৰে এখনি শোক সভা অনুষ্ঠিত হৈ যায়। পুৰণিগুদামৰ লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ কৃষ্ণ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনি অনলাইন আৰু ভাৰ্ছুৱেল দুটা পদ্ধতিত অনুষ্ঠিত হয়। অনলাইনত ভাষণ প্ৰদান কৰে ড° নৰেন কলিতা,ফণীন্দ্ৰ নাথ গায়ন আৰু পুলিন হাজৰিকাই।
ভাষণ প্ৰসঙ্গত ড° কলিতাই কয় যে অসমৰ প্ৰত্নতত্ব তথা ইতিহাসক ভাৰতৰ বুকুত প্ৰতিষ্ঠা কৰিবৰ বাবে তেওঁ যি খিনি কৰি গ’ল বা বিভিন্ন কাৰণত সংকটৰ গৰাহত পৰা অসমৰ প্ৰত্নতাত্ত্বিক স্থান সমূহ উদ্ধাৰৰ বাবে তেওঁ যি সমূহ পদক্ষেপ গ্ৰহণ কৰি গ’ল তাৰ বাবে অসমে তেওঁক চিৰ দিন মনত ৰাখিব। ভাষণ প্ৰদান কৰি ফণীন্দ্ৰ নাথ গায়নে কয় যে অসমে তেওঁ প্ৰাপ্য সন্মান দিব নোৱাৰিলে। পুলিন হাজৰিকাই তেওঁৰ ভাষণত ব্যক্তিগৰাকীৰ জীৱন সংগ্ৰাম তথা সাফল্যৰ খতিয়ান আগবঢ়ায়। সভাত ভাষণ প্ৰদান কৰি কলং কলা কেন্দ্ৰৰ সভাপতি গকুল ছেত্ৰীয়ে কলং কলা কেন্দ্ৰৰ সৈতে থকা ড° চৌধুৰীৰ আত্মিক সম্পৰ্কৰ কথা ব্যাখা কৰি কয় যে তেওঁৰ মৃত্যু অনুষ্ঠানটোৰ বাবে এক বৃহৎ ক্ষতি।
বিশিষ্ট সমাজ সেৱক জগমোহন শৰ্মাই ভাষণ প্ৰসঙ্গত ড° চৌধুৰীক এগৰাকী জাতীয় ভাবাপন্ন মহান ভাৰতীয় নাগৰিক হিচাপে মন্তব্য আগবঢ়ায়। সভাত প্ৰফুল্ল কলিতাই ড° চৌধুৰীৰ জীৱনৰ বহুমুখী প্ৰতিভাৰ বিষয়ে বক্তব্য আগবঢ়ায়।
সভাৰ উদ্দেশ্য ব্যখ্যা কৰি কলং কলা কেন্দ্ৰৰ সম্পাদক চিত্তৰঞ্জন বৰাই ‘কলং সংগ্ৰহালয়’ক বা কলং কলা কেন্দ্ৰক তেওঁ যোগোৱা অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে। সভাত এক শোক প্ৰস্তাৱ গ্ৰহণ কৰি পৰলোকগত ব্যক্তিগৰাকীৰ আত্মাৰ চিৰ শান্তি কামনা কৰা হয়।
উল্লেখযোগ্য যে পুৰণিগুদাম শতদল শাখা সাহিত্য সভা, অসম নাট্য সন্মিলন পুৰণিগুদাম শাখা, পুৰণিগুদাম প্ৰেছ ক্লাৱ, পুৰণিগুদাম জ্যেষ্ঠ নাগৰিক মঞ্চ আদিয়েও ড° চৌধুৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।