নগাঁৱত জাপানীজ এনকেফেলাইটিছত দুজনৰ মৃত্যু

218

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ বানৰ সংহাৰৰ পৰা জনসাধাৰণে পৰিত্ৰাণ পোৱাৰ পূৰ্বেই চলিত বৰ্ষৰ নগাঁও জিলাত জাপানীজ এনকেফেলাইটিছত দুজন লোকৰ মৃত্যুৰ বাতৰি পোৱা গৈছে। মৃত লোক দুজন হৈছে নগাঁও চহৰৰ খুটিকটীয়াৰ সদানন্দ বৰুৱা আৰু জুৰীয়াৰ সমীপৰ দগাঁৱৰ হামিদুল ইছলাম।

নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অৰূপ জ্যোতি মহন্তই সংবাদ মাধ্যমক জনোৱা মতে সদানন্দ বৰুৱাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটালত চিকিৎসাধীন অৱস্থাতে মঙলবাৰে মৃত্যুক সাবটি লয়। ইপিনে মঙলবাৰৰ দিনা নগাঁৱৰ এটি শিশুসহ আন পাঁচজন লোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে ভৰ্তি হোৱা জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে। এই ৰোগত আক্ৰান্ত লোককেইজন হৈছে বেবেজীয়াৰ ক্ষীৰকান্ত শইকীয়া, কামপুৰৰ প্ৰবীণ বৰা, লাওখোৱাৰ ছাহিদা খাটুন, হাৰিয়ামুখৰ লক্ষীকান্ত নাথ আৰু শিঙিমাৰীৰ আকমল। আকমল এটি ৯ বছৰীয়া শিশু।

ইপিনে ৰহা ৰাজহ চক্ৰৰ কাকতি গাঁৱৰ ৩০জনৰো অধিক লোক ডায়েৰিয়াত আক্ৰান্ত হোৱাৰো বাতৰি পোৱা গৈছে। নগাঁও স্বাস্থ্য বিভাগে ডায়েৰিয়া যাতে সোঁচৰিব নোৱাৰে তাৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে তিনিজন লোকে ডায়েৰিয়াত প্ৰাণ হেৰুৱাইছে।