গোলাঘাট জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত এগৰাকী মহিলা আৰক্ষী জোৱানক ধৰ্ষণ কৰাৰ অভিযোগ এজন পুৰুষ আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে।
খবৰ অনুসৰি, যোৱা ২২ ফেব্ৰুৱাৰীত মহিলা আৰক্ষী প্ৰশিক্ষাৰ্থীগৰাকীক অসুস্থ হৈ থকাৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰৰ চৌহদৰ ভিতৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
নিশা কৰ্তব্যৰত বাবুল ভূঞা নামৰ পুৰুষ আৰক্ষী কনিষ্টবলজনে মহিলাগৰাকীক ধৰ্ষণ কৰি সেই স্থানৰ পৰা পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে।
পৰৱৰ্তী সময়ত কৰ্তৃপক্ষক এই সন্দৰ্ভত খবৰ দিয়ে ভুক্তভোগীয়ে যদিও অভিযোগৰ পিছতো জ্যেষ্ঠ বিষয়াসকলে ব্যৱস্থা ল’বলৈ অস্বীকাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।
দেওবাৰে পুৱা কৰ্তব্যৰ সময়ত ভুক্তভোগী আৰক্ষী জোৱান অচেতন হৈ পৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে।
ইয়াৰ পিছতে দেৰগাঁও আৰক্ষীয়ে নৱম বেটেলিয়নৰ কনিষ্টবল অভিযুক্ত বাবুল ভূঞাক গ্ৰেপ্তাৰ কৰে।
সূত্ৰ অনুসৰি সোমবাৰে ভূঞাক আদালতত হাজিৰ কৰা হ’ব।
আৰক্ষীয়ে ৩৭৬/ ২০১/ ৫০৬ আই পি চি ধাৰাত গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।