দেশৰ গোপন তথ্য চীনা চোৰাংচোৱাক যোগান ধৰি গ্ৰেপ্তাৰ সাংবাদিক…

91

ডিজিটেল ডেস্কঃ দেশৰ গোপন তথ্য চীনা চোৰাংচোৱাক যোগান ধৰাৰ অভিযোগত দিল্লী আৰক্ষীৰ বিশেষ শাখাই ৰাজীৱ শৰ্মা নামৰ এজন ফ্ৰীলান্স সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ লগতে আৰক্ষীয়ে কিং চী নামৰ এগৰাকী চীনা মহিলা আৰু ছেৰ সিং নামৰ এজন নেপালী নাগৰিককো গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে সদৰী কৰা মতে, ৰাজীৱ শৰ্মাই ভাৰতৰ গোপন তথ্য ধনৰ বিনিময়ত চীনা চোৰাংচোৱাক যোগান ধৰি আহিছিল আৰু এই কাৰ্যত ছেল কোম্পানীৰ জৰিয়তে চীনা আৰু নেপালী নাগৰিক দুজনে ৰাজীৱ শৰ্মাক সহায় কৰি আহিছিল।

জানিব পৰা মতে, দিল্লী আৰক্ষীৰ বিশেষ শাখাই ৰাজীৱ শৰ্মাক পিতামপুৰৰ বাসগৃহৰ পৰা ‘অফিচিয়েল চিক্ৰেট এক্ট’ৰ অধীনত গ্ৰেপ্তাৰ কৰে। ৰাজীৱ শৰ্মাৰ বাসগৃহত চৰকাৰৰ বহু গোপন তথ্যৰ ফাইল উদ্ধাৰ হোৱা বুলিও আৰক্ষীয়ে দাবী কৰিছে।

উল্লেখ্য যে, ৰাজীৱ শৰ্মাই ইউনাইটেড নিউজ অৱ ইণ্ডিয়া, দ্য ট্ৰিবিউন, ফ্ৰী প্ৰেছ জাৰ্ণাল, সকাল আদিৰ দৰে কেইবাখনো ৰাষ্ট্ৰীয় বাতৰি কাকতৰ বাবে কাম কৰিছিল।