দিল্লীত ছোনীয়া গান্ধীৰ সৈতে বৈঠক পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ

111

ডিজিটেল ডেস্কঃ দিল্লী ভ্ৰমণত থকা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি সাক্ষাৎ কৰে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষা ছোনীয়া গান্ধীক। নতুন দিল্লীৰ ১০ জনপথ স্থিত ছোনীয়া গান্ধীৰ বাসভৱনত অনুষ্ঠিত হয় তৃণমূল কংগ্ৰেছৰ অধ্যক্ষ মমতা বেনাৰ্জী আৰু ছোনীয়া গান্ধীৰ মাজৰ এই বৈঠক। উল্লেখ্য যে, এই বৈঠকখনক ‘চাই পে চৰ্চা’ নাম দিছিল বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত মমতা বেনাৰ্জীয়ে কয় যে তেওঁলোকৰ মাজত ৰাজনৈতিক বিষয় সন্দৰ্ভত আলোচনা হৈছে। এই বৈঠকে ভৱিষ্যতে যোগাত্মক দিশৰ সূচনা কৰিব বুলিও আশা প্ৰকাশ কৰে মমতা বেনাৰ্জীয়ে। উল্লেখ্য যে, মমতা বেনাৰ্জী আৰু ছোনীয়া গান্ধীৰ এই বৈঠক দৰাচলতে ২০২৪ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আছিল। বৈঠকত কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীৰ উপৰিও প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীও উপস্থিত থাকে।

উ্ল্লেখ্য যে, মঙলবাৰে মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিছিল। ইফালে দিল্লী ভ্ৰমণৰ এই সময়তে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, এনচিপিৰ অধ্যক্ষ শৰদ পাৱাৰকে ধৰি বিৰোধীৰ কেইবাগৰাকীও নেতাক সাক্ষাৎ কৰিব মমতা বেনাৰ্জীয়ে।