ত্ৰিপুৰাত সুস্মিতা দেৱৰ বাহনত দুৰ্বৃত্তৰ আক্ৰমণ…

9200

শুকুৰবাৰে ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ (টিএমচি) নেত্ৰী সুস্মিতা দেৱৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ। বিৱৰণ অনুসৰি, দুৰ্বৃত্তৰ আক্ৰমণত সুস্মিতা দেৱৰ সৈতে নিৰ্বাচনী প্ৰচাৰত সহায় কৰি থকা এটা ব্যক্তিগত কোম্পানীৰ একাংশ কৰ্মচাৰী আহত হয়। ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ প্ৰচাৰৰ দায়িত্বত থকা সুস্মিতা দেৱে এই আক্ৰমণ বিজেপিয়ে সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে, অসমৰ ৰাজনীতিত দীৰ্ঘ সময় ধৰি কংগ্ৰেছৰ হৈ কাম কৰা তথা মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দৰে গুৰুদায়িত্ব পালন কৰা সুস্মিতা দেৱে অলপতে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। ত্ৰিপুৰাত টিএমচিৰ কাৰ্যনিৰ্বাহকৰ দায়িত্বত থকা নেত্ৰীগৰাকীৰ বাহনত সংঘটিত আক্ৰমণৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।