তৃণমূল কংগ্ৰেছৰ ৩ জ্যেষ্ঠ নেতাক গ্ৰেপ্তাৰ CBIৰ, বংগৰ ৰাজনীতিত ধুমুহা

115

মমতা বেনাৰ্জীৰ তৃণমূল চৰকাৰৰ দুগৰাকী মন্ত্ৰীসহ তৃণমূল কংগ্ৰেছৰ ৩ নেতা আৰু এগৰাকী প্ৰাক্তন বিধায়কক চিবিআইয়ে আজি পুৱা গ্ৰেপ্তাৰ কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বংগৰ ৰাজনীতিত। নাৰদাৰ ষ্ট্ৰিং অপাৰেচন গোচৰত জড়িত থকাৰ অভিযোগত চিবিআইয়ে আজি পুৱা গ্ৰেপ্তাৰ কৰে তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ফিৰহাট হাকিম, সুব্ৰত মুখাৰ্জী আৰু মদন মিত্ৰক।

তিনি তৃণমূলৰ নেতাৰ উপৰিও কলকতাৰ প্ৰাক্তন মেয়ৰ শুভন চেটাৰ্জীকো ৫ বছৰ পুৰনি এই গোচৰত গ্ৰেপ্তাৰ কৰে CBIয়ে। এই সমগ্ৰ ঘটনাৰ পিছতে বংগ ৰাজনীতিত তীব্ৰ জোকাৰণি সৃষ্টি হৈছে। জাঙুৰ খাই উঠিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। চিবিআইৰ কাৰ্যালয়ত উপস্থিত হৈ মমতা বেনাৰ্জীয়ে সাহস থাকিলে তেওঁকো গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।