“যি সকলে তালিবানক সমৰ্থন জনাইছে, সেই সকল দেশৰ শত্ৰু। সিহঁতে ভাৰত এৰি আফগানিস্তানলৈ গুচি যাওক।” – এই মন্তব্য বিজেপি সাংসদ দিলীপ শইকীয়াৰ। মঙলৈদত সংবাদ মাধ্যমক সম্বোধন কৰি সন্ত্ৰাসবাদী সংগঠন তালিবানক সমৰ্থন জনোৱাৰ পৰা বিৰত থাকিবলৈ ৰাজ্যবাসীক আহ্বান জনায় সাংসদ গৰাকীয়ে।
উল্লেখ্য যে, আফগানিস্তান অধিকৃত কৰা সন্ত্ৰাসবাদী সংগঠন তালিবানৰ সমৰ্থনত পোষ্ট কৰি অসমত ইতিমধ্যে ১৪ জন লোক গ্ৰেপ্তাৰ হৈছে। যাৰ ভিতৰত আছে শিক্ষক, অৱসৰ প্ৰাপ্ত শিক্ষক, অসম আৰক্ষীৰ জোৱান আৰু উচ্চ শিক্ষাৰ ছাত্ৰও।
তালিবানক সমৰ্থন জনোৱা কাণ্ডক লৈ ইতিমধ্যে সমগ্ৰ অসমত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দল-সংগঠন সমূহে এনে ঘটনাৰ নিন্দা কৰাৰ মাজতে সাংসদ দিলীপ শইকীয়াই তালিবানক সমৰ্থন জনোৱা সকলৰ দেশৰ শত্ৰু বুলি অভিহিত কৰে। সাংসদ গৰাকীয়ে কয়, “যি সময়ত সমগ্ৰ বিশ্ব আফগানিস্তানৰ ৰাজনৈতিক অৱস্থাক লৈ উদ্বিগ্ন হৈছে, যি ধৰণে মানৱতাৰ ওপৰত অত্যাচাৰ চলিছে, যিটো নৃশংস পৰিবেশৰ সৃষ্টি হৈছে এয়া মানৱতাৰ বাবে অশনি সংকেত আৰু এই তালিবনক যি সকলে সমৰ্থন কৰিছে সেই সকল মানৱতাৰ শত্ৰু। দৰং জিলাতো অগ্ৰণী, সমাজৰ আগস্থানত থকা লোক সকলে তালিবানক সমৰ্থন জনাইছে। তালিবানৰ সমৰ্থন জনোৱা সকল ভাৰতবৰ্ষৰ নীতি আৰু স্থিতিৰ বিৰুদ্ধে অৱস্থান কৰিছে আৰু সেই কাৰণে সেই সকলৰ বিৰুদ্ধে আইনী ভাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।”