তামুলপুৰত অনুষ্ঠিত এছিয়ান খো খো চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব ভাৰতীয় মল্লযুঁজাৰু ববিতা ফ’গাটে…

137

ভাৰতীয় মল্লযুঁজাৰু ববিতা ফ’গাটে তামুলপুৰত অনুষ্ঠিত এছিয়ান খো খো চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলগীয়া অংশগ্ৰহণকাৰীসকলক উৎসাহিত কৰিব।

ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউ পি পি এল)ৰ মুৰব্বী প্ৰমোদ বড়োৱে ববিতা ফ’গাটৰ ভিডিঅ’ পোষ্ট কৰি টুইটাৰযোগে তেওঁৰ এই ভ্ৰমণৰ বিষয়ে অৱগত কৰে।

বড়োৱে ভিডিঅ’টোৰ কেপচনত লিখিছে, “ভাৰতৰ মল্লযুঁজাৰু ববিতা ফ’গাটে বিটিআৰৰ তামুলপুৰত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিপত খেলুৱৈসকলক উৎসাহিত কৰিব! তেওঁৰ সমৰ্থন আৰু উৎসাহে নিঃসন্দেহে খেলুৱৈসকলক নিজৰ সকলোখিনি দিবলৈ অনুপ্ৰাণিত কৰিব।”

ভাৰতীয় খো খো ফেডাৰেচনৰ তত্বাৱধানত তামুলপুৰত চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিপ (পুৰুষ আৰু মহিলা) সোমবাৰৰ পৰা আৰম্ভ হৈছে।

কমেও ১৪খন দেশৰ ৪০০ গৰাকী খেলুৱৈয়ে এই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব।

দেশসমূহ হ’ল- ভাৰত, বাংলাদেশ, ভূটান, ইণ্ডোনেছিয়া, ইৰাণ, ইৰাক, মালয়েছিয়া, নেপাল, পাকিস্তান, ছিংগাপুৰ, দক্ষিণ কোৰিয়া, সংযুক্ত আৰব আমিৰশ্বাহী, আজাৰবাইজান আৰু শ্ৰীলংকা।

২০ মাৰ্চৰ পৰা ২৩ মাৰ্চলৈ অনুষ্ঠিত হ’ব এই চেম্পিয়নশ্বিপ।

ইফালে এই চেম্পিয়নশ্বিপৰ বাবে ৪ কোটি টকা আবণ্টন দিয়া হৈছে।