ড্ৰিম-১১ত ডেৰ কোটি টকাৰ পুৰস্কাৰ লাভ কৰি অৱশেষত চাকৰি হেৰুৱাবলগীয়া হ’ল এগৰাকী আৰক্ষী বিষয়াই…

403

ভাৰতত অনুষ্ঠিত হৈ থকা ক্ৰিকেট বিশ্বকাপৰ উত্তেজনাৰ মাজতে দেশত বিভিন্ন অনলাইন গেমিং এপতো ব্যাপকভাৱে চলি আছে অনলাইন বেটিং। মহাৰাষ্ট্ৰৰ পুনে আৰক্ষীৰ উপ-পৰিদৰ্শক সোমনাথ ঝেণ্ডে ইংলেণ্ড-বাংলাদেশৰ খেলৰ সময়ত ডেৰ কোটি টকা লাভ কৰি বাতৰিৰ শিৰোনাম দখল কৰিছিল। কিন্তু এই ১.৫ কোটি টকাৰ পুৰস্কাৰৰ ধন, শিৰোনাম আৰু হাতচাপৰিৰ পিছতে এতিয়া চাকৰিৰ পৰা নিলম্বিত হ’বলগীয়া হয় সোমনাথ।

উপ-পৰিদৰ্শক (পি এছ আই) সোমনাথ ঝেণ্ডেক পিম্পৰী-চিঞ্চৱাড় আৰক্ষী আয়ুক্তৰ পদত নিযুক্তি দিয়া হৈছিল। পিম্পৰী-চিঞ্চৱাড আৰক্ষী আয়ুক্তই নিশ্চিত কৰিছে যে সোমনাথক এতিয়া নিলম্বন কৰি ৰখা হৈছে।

পুনেৰ পিম্পৰী-চিঞ্চৱাড় আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, পিএছআই সোমনাথ ঝেণ্ডেৰ তদন্ত ডিচিপি ৰেংকৰ এজন বিষয়াৰ হাতত গতাই দিয়া হৈছে। ইয়াত প্ৰশাসনিক আৰু আইনী দিশসমূহ পৰীক্ষা কৰা হৈছিল। তদন্তত দেখা গ’ল যে সোমনাথ ঝেণ্ডেয়ে কৰ্তব্যত গাফিলতি কৰিছিল, অৰ্থাৎ কৰ্তব্যৰত অৱস্থাত সোমনাথে জুৱাত মনোনিৱেশ কৰিছিল।

সোমনাথে মহাৰাষ্ট্ৰ আৰক্ষীৰ অসামৰিক সেৱা আচৰণ বিধি উলংঘা কৰিছিল, য’ত এজন আৰক্ষীয়ে ঘোষণা কৰিব লাগিব যে আৰক্ষীৰ চাকৰিৰ বাহিৰেও তেওঁ এনে যিকোনো কামৰ সৈতে জড়িত যিয়ে তেওঁক অতিৰিক্ত উপাৰ্জন দিয়ে। ইয়াৰ উপৰিও বঁটা লাভ কৰাৰ পিছত ড্ৰিম ১১ৰ প্ৰচাৰ আৰু খাকী ইউনিফৰ্মত সাক্ষাৎকাৰ দি জুৱাৰ প্ৰচাৰৰ অভিযোগ উত্থাপন হৈছে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে।

ফেণ্টাচি ক্ৰিকেট এপ ড্ৰিম১১ৰ জৰিয়তে ১.৫ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে সোমনাথ ঝেণ্ডেয়ে। ড্ৰিম-১১ত বাংলাদেশ আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা খেলখনত উপ-পৰিদৰ্শক সোমনাথ ঝেণ্ডেয়ে দল গঠন কৰিছিল আৰু তেওঁ ১.৫ কোটি টকাৰ পুৰস্কাৰ লাভ কৰাত সফল হৈছিল। অৱশ্যে অনলাইন গেমিংক ৰিস্কি বুলি অভিহিত কৰিছে আৰক্ষী জোৱানজনে। ঝেণ্ডেয়ে দাবী কৰে যে তেওঁ এই খেলখন বেছি খেলা নাই।