ষ্টাফ ৰিপোৰ্টাৰ, ২৭ এপ্ৰিল : টাটা ট্ৰাষ্টে ক’ভিড-১৯ৰ প্ৰতিৰোধৰ উদ্দেশ্যে গ্রামাঞ্চলত আৰম্ভ কৰিছে এক ৰাষ্ট্ৰজোৰা অভিযান। ‘৫ কদম কৰোনা মুক্ত জীৱন’ শীৰ্ষক এই অভিযান দেশৰ বিভিন্ন ভাষাত ভিডিঅ’ মেছেজ, সৰু এনিমেচন ভিডিঅ’, ইনফ’- গ্ৰাফিক্সকে ধৰি অডিঅ’ মেছেজ আৰু এছ এম এছ ভিত্তিক বাৰ্তাৰে প্ৰচাৰ চলোৱা হৈছে।৩১ মাৰ্চৰ পৰা আৰম্ভ হোৱা এই অভিযানে ইতিমধ্যে ২১ খন ৰাজ্যৰ ১২ নিযুত লোকৰ মাজত প্ৰচাৰ হৈছে। দেশজুৰি ৭০ গৰাকীতকৈ অধিক তাৰকাই ভিডিঅ’ আৰু অডিঅ’ মেছেজেৰে এই অভিযানৰ প্ৰতি সঁহাৰি জনাইছে। এই সকল তাৰকাৰ ভিতৰত আছে নানা পাটেকৰ, সোণালী কুলকাৰ্নি,হৰভজন সিং, ইলা অৰুণ ইত্যাদি। উল্লেখযোগ্য যে, টাটা ট্ৰাষ্টে গ্রামঞ্চলৰ ভিতৰুৱা অঞ্চলসমূহলৈও এই বার্তা প্ৰেৰণৰ বাবে ৮,৭০০ গৰাকী গ্ৰাম্য স্বেচ্ছাসেৱকক প্ৰশিক্ষণ প্ৰদানৰ বাবে ২১ খন ৰাজ্যত ৪৩০ গৰাকীতকৈও অধিক “মাষ্টাৰ প্ৰশিক্ষকক নিযুক্তি প্ৰদান কৰিছে।
Latest article
পলিকেব ইণ্ডিয়াই মুকলি কৰিলে নতুন ‘ছুপাৰ আৰঅ’আই’ ৰেঞ্জৰ ফেন
দেশৰ বৈদ্যুতিক সামগ্ৰীৰ ক্ষেত্ৰত এক আগশাৰীৰ প্ৰতিষ্ঠান পলিকেব ইণ্ডিয়াই ফেন শাখাত নিজৰ উপস্থিতি শক্তিশালী কৰিবলৈ নতুন "ছুপাৰ আৰঅ'আই" শাখা মুকলি কৰিছে। এই কৌশলগত পদক্ষেপ...
সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ স্পাৰ্ক ২০২৫ৰ নিশা সংগীতেৰে জীপাল কৰিলে পলক মুচলে
সংস্কৃতি বিশ্ববিদ্যালয়ে স্পাৰ্ক ২০২৫ অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ সাংস্কৃতিক আৰু সৃষ্টিশীল দিশটো উদ্ভাসিত কৰিছিল, এই অনুষ্ঠানক অনন্য মাত্ৰা প্ৰদান কৰি বলীউডৰ প্ৰখ্যাত নেপথ্য কণ্ঠশিল্পী পলক মুচলে...
সাতবিহুৰ কথা আপুনি বাৰু জানেনে
তিনিটা বিহুৰ ভিতৰত ব’হাগ বিহু বা ৰঙালী বিহুৱেই প্ৰধান। চ’ত মাহৰ শেষ দিনা বা সংক্ৰান্তিৰ পৰা ব’হাগ বিহু আৰম্ভ হয়। ইয়াক সাধাৰণতে চ’তৰ বিহু...