জামিন লাভ কৰিলে কৃষক মুক্তিৰ দুই নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালে

142

ষ্টাফৰিপোৰ্টাৰ, ৮ এপ্ৰিল :: এনআইএৰ গোচৰত জামিন লাভ কৰিলে কৃষক মুক্তিৰ দুই নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালে। নাগৰিকত্ব বিৰোধী আন্দোলনত অংশ লৈ গ্ৰেপ্তাৰ হোৱা কৃষক নেতা দুজনৰ জামিন আবেদন মঙলবাৰে মঞ্জুৰ কৰিলে এনআইএ আদালতে। ১৭ মাৰ্চত একেটা গোচৰতে এনআইএ আদালতে অখিল গগৈৰ জামিন মঞ্জুৰ কৰিছিল । উল্লেখ্য ১৩ ডিচেম্বৰত এন আই এ গ্ৰেপ্তাৰ কৰিছিল দুইজন কৃষক নেতাক ।