জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপালৰূপে শপত গ্ৰহণ মনোজ সিনহাৰ

101

ডিজিটেল ডেস্ক:- প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মনোজ সিনহাই শুকুৰবাৰে কেন্দ্ৰীয় শাসিত জম্মু কাশ্মীৰৰ দ্বিতীয়গৰাকী উপ ৰাজ্যপাল ৰূপে শপত গ্ৰহণ কৰে। শ্ৰীনগৰৰ ৰাজভৱনত সিনহাক শপত বাক্য পাঠ কৰোৱায় জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গীতা মিট্টলে।

শপত গ্ৰহণ কৰি মনোজ সিনহাই কয় যে জম্মু-কাশ্মীৰ ভাৰতৰ প্ৰকৃত ভূ-স্বৰ্গ। তেওঁ কয়, “এবছৰ পূৰ্বে ৫ আগষ্টৰ দিনটোতে জম্মু-কাশ্মীৰ ভাৰতৰ মূলৰ সৈতে সংযুক্ত হৈছিল। এতিয়া জম্মু-কাশ্মীৰত বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা হৈছে। এয়া সুখৰ বিষয়।”

জম্মু-কাশ্মীৰ বাসীৰ উন্নয়ন আৰু সন্ত্ৰাসবাদৰ শিপা জম্মু-কাশ্মীৰৰ পৰা উভালি পেলোৱাটোৱেই তেওঁৰ মূল লক্ষ্য বুলি মন্তব্য কৰে সিনহাই। জম্মু-কাশ্মীৰত শান্তি ঘূৰাই অনাৰ বাবে তেওঁ চেষ্টা সদায় অব্যাহত ৰাখিব বুলি মন্তব্য কৰে।