জম্মু-কাশ্মীৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

94

শনিবাৰে নিৰাপত্তাৰক্ষীয়ে জম্মু-কাশ্মীৰৰ ৰামবন জিলাত সন্ত্ৰাসবাদীৰ সন্দেহযুক্ত আশ্ৰয়স্থল জব্দ কৰাৰ লগতে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে।

এক আনুষ্ঠানিক বিবৃতি অনুসৰি, জম্মু-কাশ্মীৰ আৰক্ষী আৰু ২৩ আৰ আৰ সেনাই জিলাখনৰ তহচিল খাৰীৰ বনাঞ্চলত যৌথভাৱে অনুসন্ধান অভিযান আৰম্ভ কৰে।

এই অভিযানত ৩১০টা Ak-47 ৰাউণ্ড, ৩০ টা ৯ মিমি ৰাউণ্ড, এটা ৯ মিমি মেগাজিন, ছটা Ak-47 মেগাজিন, এটা গ্ৰেনেড, এটা টেপ ৰেকৰ্ডাৰ, এটা হেণ্ডছেট সহ অস্ত্ৰ আৰু গোলাবাৰুদ এন্টেনা, দুটা কেছেট, তিনিটা বেটাৰী টাৰ্মিনেল, এটা নেগেটিভ ফটো ফিল্ম আদি উদ্ধাৰ কৰা হয়।