জনজাতীয় মহিলাক উলংগ কৰাই ৰাজপথত পেৰেড! অশান্ত মণিপুৰৰ আন এক ভিডিঅ’ই সৃষ্টি কৰিছে উত্তেজনাৰ

2338

অশান্ত মণিপুৰত পুনৰ হিংসাৰ দাবানল জ্বলিছে। বুধবাৰে দুগৰাকী মহিলাক উলংগ কৰাই ৰাজপথেৰে খোজ কঢ়াই নিয়াৰ ভিডিঅ এটা ভাইৰেল হৈ পৰাৰ পিছতে পুনৰ উত্তেজনাই বিৰাজ কৰিছে পাহাৰীয়া ৰাজ্যখনত। ভাইৰেল ভিডিঅ’টো ৪ মে’ৰ বুলি জানিব পৰা গৈছে।

ভিডিঅ’টোত যুদ্ধংদেহী সম্প্ৰদায় এটাৰ দুগৰাকী মহিলাক আনফালৰ পৰা অহা কেইজনমান পুৰুষে উলংগ কৰি ৰাজপথেৰে খোজকঢ়াই নিয়া দেখিবলৈ পোৱা গৈছে।

বৃহস্পতিবাৰে খিলঞ্জীয়া জনজাতি নেতা মঞ্চই ঘোষণা কৰা পৰিকল্পিত প্ৰতিবাদী সমদলৰ প্ৰাকক্ষণত ভিডিঅ’টোৱে ৰাজ্যখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।

আই টি এল এফৰ এগৰাকী মুখপাত্ৰৰ মতে, “৪ মে’ত কাংপকপি জিলাত ঘটা ঘৃণনীয় দৃশ্যটোত পুৰুষে অহৰহ অসহায় মহিলাসকলক নিৰ্যাতন চলাই থকা দেখা গৈছে, যিসকলে কান্দি কান্দি নিজৰ বন্দীসকলৰ ওচৰত অনুৰোধ কৰে।”

এই নিৰীহ মহিলাসকলে ভুগিবলগীয়া হোৱা ভয়ংকৰ অধ্যায়টোক আৰু অধিক বৃদ্ধি কৰিছে অপৰাধীয়ে ভুক্তভোগীৰ পৰিচয় দেখুওৱা ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ সিদ্ধান্তই।’

এই কাণ্ডক গৰিহণা দি মুখপাত্ৰগৰাকীয়ে এক বিবৃতিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ, মহিলা আয়োগ আৰু অনুসূচিত জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগক এই অপৰাধৰ সচেতনতা গ্ৰহণ কৰি দোষীক আইনৰ সন্মুখত আনিবলৈ দাবী জনায়।

বৃহস্পতিবাৰে চেৰ্চাণ্ডপুৰত প্ৰস্তাৱিত প্ৰতিবাদী সমদলৰ সময়ত এই বিষয়টোও উত্থাপন কৰাৰ পৰিকল্পনা কৰিছে কুকি জনজাতিসকলে জনায়।

মণিপুৰত ৩ মে’ৰ পৰা ইম্ফল উপত্যকাত কেন্দ্ৰীভূত সংখ্যাগৰিষ্ঠ মেইটেই আৰু পাহাৰ দখল কৰা কুকিসকলৰ মাজত জাতিগত সংঘৰ্ষৰ সাক্ষী হৈ আহিছে। এই হিংসাত্মক ঘটনাত এতিয়ালৈকে ১৬০ জনৰো অধিক লোকৰ মৃত্যু হৈছে।