ছান ফার্মাই মুকলি কৰিছে ফেভিপিৰাভিৰ

149

ছান ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰিছ লিমিটেডে ভাৰতত মহামাৰী কোভিড-১৯ ৰ চিকিৎসাৰ বাবে প্রতিটো টেবলেটত ৩৫ টকা অৰ্থনৈতিক মূল্যৰে ফ্লুগার্ড (ফেভিপিৰাভিৰ ২০০ এম জি) মুকলি কৰাৰ কথা ঘোষণা কৰিছে। উল্লেখ্য যে ফেভিপিৰাভিৰ একমাত্ৰ মৌখিক অণ্টি-ভাইৰেল চিকিৎসা যিটো ভাৰতত মহামাৰী কোভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে অনুমোদিত কৰা হৈছে । ছান ফাৰ্মাৰ ভাৰতীয় ব্যৱসায়ৰ চি ই অ’ কীৰ্তি গানুৰকাৰে মুকলিৰ বিষয়ে মন্তব্য কৰি কয়, “ভাৰতত প্রতিদিনে ৫০,০০০ তকৈ বেছি কোভিড -১৯ ৰোগীৰ ৰিপ’ৰ্ট জাৰি কৰা হৈছে, ইয়াত স্বাস্থ্যসেৱা পেশাদাৰীসকলক চিকিৎসাৰ অধিক বিকল্প প্ৰদানৰ প্রয়োজন হৈছে। আমি অধিকতকৈও অধিক ৰোগীৰ বাবে ঔষধসমূহ সুলভ কৰাৰ উদ্দেশ্যে ফ্লুগার্ডক এক অৰ্থনৈতিক মূল্যত মুকলি কৰাৰ লগতে তেওঁলোকৰ আর্থিক বোজা হ্রাস কৰিবলৈ চেষ্টা কৰিছো। এই বাক্যটোৱে ভাৰতত মহামাৰী প্ৰতিক্ৰিয়াৰ ওপৰত থকা আমাৰ অবিচ্ছিন্ন সহযোগীতাৰ কথা প্ৰকাশ কৰে।”
কোম্পানীটোৱে গোটেই দেশতে ৰোগীসমূহৰ বাবে ফ্লুগার্ড সহজলভ্যতা নিশ্চিত কৰি চৰকাৰী আৰু চিকিৎসা ক্ষেত্ৰত একেলগ হৈ কাম কৰিব। ফ্লুগার্ডৰ ষ্টক এই সপ্তাহৰ পৰাই বজাৰত উপলব্ধ হ’ব।