চাঞ্চল্যকৰ! নিজৰ চাৰ্ভিছ পিষ্টলেৰে গুলীয়াই আত্মহত্যা প্লাটন কমাণ্ডেন্টৰ

82

শিৱসাগৰত চাঞ্চল্যকৰ কাণ্ড!

নিজৰ চাৰ্ভিছ পিষ্টলেৰে গুলীয়াই আত্মহত্যা এগৰাকী আৰক্ষী বিষয়াৰ।

নিহত প্লাটন কমাণ্ডেণ্ট গৰাকীৰ নামত প্ৰবীন গগৈ (৫৬) বুলি জানিব পৰা গৈছে।

টেঙা পুখুৰীৰ নিজা বাসভৱনত বৃহস্পতিবাৰে নিশা আত্মহত্যা কৰে আৰক্ষী বিষয়াজনে।

অসম আৰক্ষীৰ ২৫নং বেটেলিয়নত কৰ্মৰত আছিল প্ৰবীণ গগৈ।

নিজ গৃহত গুলিবিদ্ধ আৰক্ষী বিষয়াজনক ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ অনা হয়।

কিন্তু চিকিৎসালয়ত চিকিৎসকে মৃত ঘোষণা কৰে প্ৰবীন গগৈক।

শিৱসাগৰৰ ৰুদ্ৰসাগৰত কৰ্মৰত প্ৰবীণ গগৈ বৃহস্পতিবাৰে টেঙাপুখুৰীৰ নিজা গৃহলৈ গৈছিল।

অৱশ্যে কি কাৰণে আৰক্ষী বিষয়াজনে আত্মহত্যা কৰিলে সেয়া এতিয়ালৈকে জানিব পৰা নাই।