গোলাঘাটত গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মৃণাল গগৈ ওৰফে জ’জ

107

গোলাঘাট আৰক্ষীৰ জালত পৰিল গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মৃণাল গগৈ ওৰফে জ’জ। গ্ৰেপ্তাৰ পিছতে জেললৈ প্ৰেৰণ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জ’জক। এনডিপিএচ আইনৰ অধীনত ২ বছৰ পৰ্যন্ত কাৰাগাৰতে দিন কটাব লাগিব গোলাঘাট চানমাৰিৰ ভগা গাঁৱৰ নিবাসী মৃণাল গগৈ ওৰফে জ’জয়ে। 21(a)/NDPS আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় জ’জক। ড্ৰাগছ ব্যৱসায়ী জ’জসহ দীপজ্যোতি সিংহা আৰু দেৱজিৎ চেতিয়া নামৰ দুটা ড্ৰাগছ ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে৷ উল্লেখ্য যে, জজক পূৰ্বেও কেইবাবাৰো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল৷ কিন্তু প্ৰতি বাৰেই জামিনত কাৰাগাৰৰ পৰা ওলাই আহি পুনৰ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল জজয়ে।

কুখ্যাত ড্ৰাগছ মাফিয়া জ’জক ২০১৬ চনত ২২(এ)/২৭ এন ডি পি এচৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। কিন্তু কাৰাগাৰৰ পৰা জামিন লাভ কৰাৰ পিছতে পুনৰ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈ পৰে। পুনৰ গোলাঘাট আৰক্ষীয়ে ৫৬২/২০১৭ গোচৰত ২০(বি) এন ডি পি এচ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে। কিন্তু পুনৰ জামিন লাভ কৰিয়েই গোলাঘাট জিলাত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰিছিল৷ গোলাঘাট আৰক্ষীয়ে পুণৰ ৮৮৮/১৮ নম্বৰৰ গোচৰৰ অধীনত ২২/২৭ এনডিপিএচ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে যদিও বাৰে বাৰে জামিন লাভ কৰা জ’জে৷

জামিনত আহিয়েই জিলাখনত ভিন্ন প্ৰান্তত ড্ৰাগছৰ অবাধ বেহা গঢ়ি তুলিছিল। আৰক্ষীৰ নিদ্ৰা হৰণ কৰা জ’জৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীয়ে গৃহ বিভাগক তথ্য সহকাৰে বিষয়টো অৱগত কৰাত নাৰ্কেটিক বৰ্ডৰ অধীনৰ প্ৰেভেনচন অৱ ইলিছিট ট্ৰেফিকিং এন ডি পি এচ আইন ১৯৮৮ অধীনত কালি গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে।